"ৰাজ্যত মুঠ ৪২৯০জন শিক্ষকৰ নিযুক্তি হ'ব"-শিক্ষামন্ত্ৰী

Dr.Himanta Biswa Sarma

*অহা ১৫আগষ্টত প্ৰকাশ পাব শিক্ষানুষ্ঠান প্ৰাদেশীকৰণৰ প্ৰথম তালিকা*

"পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি অহা ১৫ আগষ্টত ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰিব বিদ্যালয় আৰু শিক্ষক প্ৰাদেশীকৰণৰ প্ৰথম তালিকা।জানুৱাৰীৰ পৰাহে উক্ত প্ৰাদেশীকৰণ কাৰ্যকৰী হ'ব"-এই গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰথম প্ৰকাশ পাব লগা তালিকাত আছে ১৯৭খন হাইস্কুল,৯খন উচ্চতৰ মাধ্যমিক, ১৪৯খন জুনিয়ৰ কলেজ।অৰ্থাৎ মুঠ ৩৫৫খন নতুন বিদ্যালয় প্ৰাদেশীকৰণে প্ৰথম তালিকাত স্থান পাব।উক্ত বিদ্যালয়সমূহত মুঠ ৩৩৫৯ জন শিক্ষকে নিযুক্তি পাব।তাৰ ভিতৰত পূৰ্বতে বঞ্চিত হোৱা ৪১৪ জন শিক্ষক আৰু ৯৭জন জুনিয়ৰ কলেজৰ শিক্ষকো আছে।

ইয়াৰ উপৰিও উক্ত তালিকাত পূৰ্বতে বঞ্চিত হোৱা ৬৯০জন কলেজ শিক্ষকৰো প্ৰাদেশীকৰণ হ'ব।স্থাপন হ'ব নতুনকৈ ৩০খন কলেজ।উক্ত কলেজত ২৪১ গৰাকী অধ্যাপক-অধ্যাপিকাই নিযুক্তি পাব।অৰ্থাৎ মুঠ ৯৩১ জন প্ৰবক্তাই নিযুক্তি পাব।মন্ত্ৰী ড:শৰ্মাই লগতে কয়।এলপি আৰু ইউপি বিদ্যালয় প্ৰাদেশীকৰণৰ দ্বিতীয় তালিকা চলিত বৰ্ষৰ অক্টোবৰ মাহত প্ৰকাশ পাব বুলিও সংবাদ মেলত আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষৰ ২অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনটোত ১১৯খন চাহ বাগিচা অঞ্চলত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।পাঁচখন চাহ বাগিচাৰ মাজত এখন বিদ্যালয় স্থাপনৰ বাবে ধাৰ্য কৰা হৈছে ১.১৯কোটি টকা।আগন্তক শিক্ষাবৰ্ষৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ন হ'ব বিদ্যালয়সমূহৰ।নিবিদাৰ প্রক্রিয়া ইতিমধ্যে মুকলি কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Your Comments