বঙাইগাঁও জিলাত একেদিনাই ৪১ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ পজিটিভ

Bongaigaon

*৬৪৭ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা*

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত ক'ৰ'না ভাইৰাছৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে।দৈনিক বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা।জিলাখনত  একেদিনাই ধৰা পৰিছে ৪১ জন ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ।জিলাখনত আক্ৰান্তসকলৰ ভিতৰত বৰ্তমান অধিকাংশই ৰে'ল বিভাগৰ কৰ্মচাৰী।সেইদৰে নিৰাপত্তাৰক্ষী,আৰক্ষী,বিভিন্ন বেংকৰ কৰ্মচাৰী,ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, আন্তঃৰাজ্য আৰু আন্তঃজিলা ভ্ৰমণ কৰা ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছে।উল্লেখ্য যে বৃহস্পতিবাৰ-শুকুৰবাৰে জিলাখনত ৪১ জন ব্যক্তিৰ দেহত নতুনকৈ ক'ভিড-১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ৬৪৭ জনলৈ বৃদ্ধি পাইছে।জিলাখনত নতুনকৈ ক'ভিডত আক্ৰান্তসকলৰ ভিতৰত ৮ জন পূৰ্ৱে কোভিডত আক্ৰান্ত পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা,৪ জন ৰে'লৱে সুৰক্ষা বাহিনীৰ জোৱান,২ জন ৰে'লৱে হাস্পতালৰ কৰ্মী,২ জন ৰে'লৱে কাৰখানাৰ  কৰ্মচাৰী, ৰে'লৱে বিভাগৰ আৰু ২ জন কৰ্মচাৰী,৪ জন অভয়াপুৰী থানাৰ আৰক্ষী,৫ জন  ৰিলায়েন্স ডিজিটেল প্ৰতিষ্ঠানৰ কৰ্মচাৰী,২ জন আন্তঃ ৰাজ্য ভ্ৰমণ কৰা ব্যক্তি,২ জন আন্তঃ জিলা ভ্ৰমণ কৰা ব্যক্তি,১ জন মায়াপুৰী বজাৰৰ , ৩ জন পাগলাস্থান বজাৰৰ,১ জন নিউ বঙাইগাঁও শাখা ষ্টেট বেংকৰ কৰ্মচাৰী,১ জন মাণিকপুৰ মডেল হাস্পতালৰ লেবৰেটৰী টেকনিচিয়ান,১ জন অভয়াপুৰী বজাৰৰ সুলভ মূল্যৰ দোকানৰ,১ জন বিশাল মেগামাৰ্টৰ কৰ্মচাৰী , ১ জন বৰঘোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আন ১ জন  ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।জিলাখনত বৰ্তমানলৈকে ক'ভিড-১৯ত আক্ৰান্ত মুঠ ৬৪৭ জন ব্যক্তিৰ ভিতৰত ইতিমধ্যে ৩১৭ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে।সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৭০ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১৬০ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷  

 

Your Comments