নতুন শিক্ষা নীতিক  অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ,শিক্ষা নীতিৰ ক্ষেত্ৰত হ'ব ব্যাপক সালসলনি

Pic

কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন সাপেক্ষে দেশত প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতি।বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ  অনুমোদন লাভ কৰিলে নতুন শিক্ষা নীতিয়ে।জানিব পৰা ম'তে যোৱা বছৰ ISROৰ প্ৰাক্তন মুৰব্বী "কে  কস্তুৰীৰংগন কমিটীয়ে" ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল।ইয়াৰ পাছতেই চলিত বৰ্ষত যুগুতোৱা শিক্ষা নীতি অনুসৰি, শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ’ব। সেই ভাষা সমূহ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ হ’ব।
এটা ৪ বছৰীয়া ‘all inclusive inter disciplinary B. Ed course’ আৰম্ভ কৰা হ’ব। স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ চাৰি বছৰৰ হ’ব । কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰমৰ অন্ত পৰিব। অৰ্থাৎ multiple exit থাকিব। সেইদৰে MPhil ডিগ্ৰী বিশ্ববিদ্যালয় পদ্ধতিৰ পৰা কৰ্তন কৰা হৈছে।পঞ্চম শ্ৰেণী লৈকে ভাৰতীয় ভাষাত শিক্ষা দান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব। GDP ৬ শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হ’ব।স্কুলীয়া শিক্ষা ৫+৩+৩+৪ পদ্ধতিৰ হ’ব । প্ৰথম ৫ বছৰত অন্তৰ্ভুক্ত হ’ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। পিছৰ ৩ বছৰত অন্তৰ্ভুক্ত হ’ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। তাৰ পিছৰ তিনি বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম। শেষৰ চাৰি বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী। উচ্চতৰ মাধ্যমিকৰ চাৰি বছৰত শিক্ষা দান কলা, বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব।দেশৰ ৪৫,০০০ মহাবিদ্যালয়ক অধিক ক্ষমতা প্ৰদান কৰা হ’ব। মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে গোটেই দেশতে এটাই entrance exam হ’ব।

Your Comments