ভাল খবৰ:আজি ভাৰতত পদাপৰ্ণ কৰিব ৫ 'ফৰাচী যোদ্ধা'ই

Rafale

দুৰন্ত গতিৰে ভাৰতৰ দিশে আহি আছে পাঁচ 'ফৰাচী যোদ্ধা'।চিৰশত্ৰু চীন আৰু পাকিস্থানৰ পৰা ভাৰতৰ প্ৰতি অহৰহ ভাবুকি আহি থকাৰ সময়তে এই পাঁচ ফৰাচী যোদ্ধা আহিছে ভাৰতক সহায় কৰিবলৈ।এই পাঁচ ফৰাচী যোদ্ধা আন একো নহয়।এয়া হৈছে ফ্ৰান্সে ভাৰতলৈ প্ৰেৰণ কৰা পাঁচখন ৰাফেল যুদ্ধ বিমান।ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ বাবে ফ্ৰান্সৰ চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল।সমগ্ৰ বিশ্বজুৰি হৈ থকা ক’ৰ’নাতংকৰ বাবে ফ্ৰান্সে ভাৰতলৈ ৰাফেল বিমান প্ৰেৰণ কৰিব পৰা নাছিল।
এতিয়া চীনৰ সৈতে ভাৰতৰ সংঘাত সৃষ্টি হোৱাৰ পিছতে ভাৰতৰ অনুৰোধ ৰক্ষা কৰি ফ্ৰান্সে ভাৰতলৈ প্ৰেৰণ কৰিছে পাঁচখন ৰাফেল বিমান।

Rafale

যুদ্ধক্ষেত্ৰত শত্ৰুপক্ষৰ ওপৰত চিলাৰ দৰে জঁপিয়াই পৰিব পৰা এই বিমানকেইখন ফ্ৰান্সৰ পৰা উৰুৱাই আনিছে ভাৰতীয় বায়ু সেনাৰ ১২ গৰাকী পাইলটে।মঙলবাৰে বিমানকেইখন আহি উপস্থিত হয় সংযুক্ত আৰৱ গণ ৰাজ্যৰ অল ডাৰফাৰ বিমান বন্দৰত।ক্ষন্তেক জিৰণিৰ অন্তত পুনৰ ভাৰতমুখী যাত্ৰা পাঁচোখন বিমানৰ।আজি,২৯ জুলাইত ভাৰতৰ আম্বালা বিমান ঘাটীত আহি উপস্থিত হ’ব যুদ্ধ বিমানকেইখন।ৰাফেল বিমানৰ আগমণে নিঃসন্দেহে শক্তিশালী কৰি তুলিব দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক।

Your Comments