অখিল গগৈৰ ক'ভিড পজিটিভ নে নিগেটিভ,তথ্য নাই জেল কৰ্তৃপক্ষৰ হাতত

Akhil Gogoi

ক্ৰমাৎ ৰহস্যঘন হৈছে অখিল গগৈৰ ক'ভিড ফলাফল।বিভিন্ন সংবাদ মাধ্যমত গগৈৰ ফলাফল নিগেটিভ বুলি প্ৰকাশ পাইছে যদিও গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ  কৰ্তৃপক্ষৰ ওচৰত নাই গগৈৰ ফলাফলৰ আনুষ্ঠানিক তথ্য।বৰ্তমান সময়লৈকে গগৈৰ ফলাফলৰ ৰিপ'ৰ্ট লাভ কৰা নাই জেল  কৰ্তৃপক্ষই।

উল্লেখ যে গগৈৰ দুই সতীৰ্থ কাৰাবন্দী যোৱা বুধবাৰে আক্রান্ত হৈছিল ক'ৰ'নাত।তাৰ পিছতে বৃহস্পতিবাৰ অৰ্থাৎ কালি দিনৰ ভাগত গগৈ ক'ভিড-১৯ আক্রান্ত বুলি বিভিন্ন সংবাদ মাধ্যমত খবৰ ওলাইছিল।পৰৱৰ্ত্তী সময়ত কৃষক নেতাগৰাকীৰ স্বোৱাব চূড়ান্ত ফলাফলৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল।বৃহস্পতিবাৰৰ ৰাতিলৈ গগৈৰ ফলাফলৰ ৰিপ'ৰ্ট পুনৰ বিভিন্ন মাধ্যমত নিগেটিভ বুলি প্ৰকাশ পালে যদিও চৰকাৰী পক্ষৰ আনুষ্ঠানিকতা প্ৰকাশ পোৱা নাছিল।ফলত পৰিয়াল তথা কৃষক মুক্তিৰ সদস্যসকলৰ মাজত বৰ্তমান বিৰাজ কৰিছে তীব্ৰ আশংকা।

গুৰুত্বপূৰ্ণ যে জ্বৰ-কাহ,গাৰ বিষত আক্রান্ত গগৈৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি হোৱাৰ পিছতো গগৈৰ ক'ৰ'না ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ নোপোৱাত চিন্তাত পৰিছে সংগঠনটোৰ সদস্যসকলৰ লগতে ৰাজ্য 'কা' বিৰোধী জনতা।

Your Comments