অৱসৰপ্ৰাপ্ত শিক্ষাবিদ,সমাজকৰ্মী ৰমেশ চন্দ্ৰ পাটোৱাৰীক দল-সংগঠনৰ ৰাজহুৱা সম্বৰ্দ্ধনা

Ghagrapar

"সৎ ব‍্যক্তিক ৰাইজে সদায় গুৰুত্ব দি আহিছে"--বিৰোধী দলপতি দেৱব্ৰত শইকীয়া                                                                      
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

"সমাজ এখন শান্তিপূৰ্ণভাৱে ধৰি ৰখাৰ বাবে ভাল নেতৃত্ব দিয়া ব্যক্তিৰ প্ৰয়োজন।ভাল মানুহৰ দ্বাৰাহে সমাজ এখন পৰিচালিত হয়।আমাক ভাল মানুহৰহে প্ৰয়োজন।সৎ ব‍্যক্তিক  ৰাইজে সদায় গুৰুত্ব দি আহিছে"-এই মন্তব্য অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ।নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কঠোৰা গাঁ‌ৱত দেওবাৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ,সমাজকৰ্মী ৰমেশ চন্দ্ৰ পাটোৱাৰীক জনোৱা ৰাজহুৱা সম্বৰ্দ্ধনা সভাত উপস্থিত থাকি বিৰোধী দলৰ দলপতি শইকীয়াই এখন গ্ৰাম্য সমাজত ৰমেশ চন্দ্ৰ পাটোৱাৰীয়ে দীৰ্ঘদিন ধৰি সুনেতৃত্ব দি অহাৰ বাবে ৰাইজে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাইছে বুলি মন্তব্য কৰে।লগতে বিৰোধী দলপতিগৰাকীয়ে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদগৰাকীৰ আদৰ্শ আৰু কৰ্ম নৱ-প্ৰজন্মই সদায় জীয়াই ৰাখিবলৈ আহ্বান জনায়।আদৰ্শৰ মৃত্যু নাই,ই সমাজত সদায় সজীৱ হৈ থাকে বুলিও বিৰোধী দলপতিগৰাকীয়ে কয়।কঠোৰা গাঁ‌ৱৰ নিজ গৃহতে অনুষ্ঠিত হোৱা ৰাজহুৱা সম্বৰ্দ্ধনা সভাখন সভাপতিত্ব কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদক গৌতম কলিতাই।সম্বৰ্দ্ধনা জ্ঞাপন সমিতিৰ যুটীয়া সম্পাদক অতুল কলিতাই আঁ‌ত ধৰা আৰু আহ্বায়ক সমিতিৰ সদস্য তথা সাংবাদিক শ্বাহ আলম আহমেদ আৰু দেৱজিৎ ডেকাই সহযোগ কৰা অনুষ্ঠানটোত উদযাপন সমিতিৰ তৰফৰ পৰা বিশিষ্ট শিক্ষাবিদগৰাকীক ফুলাম গামোচা,চেলেং,জাপি,শৰাই আৰু অভিনন্দন-পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।ইয়াৰ পিছতেই অসমী হাইস্কুল,কঠোৰাৰ তৰফৰ পৰা গামোছা, জাপি,শৰাই আৰু অভিনন্দনপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।আহ্বায়ক সমিতিৰ হৈ গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথ্বিভূষণ ডেকাই ৰমেশ চন্দ্ৰ পাটোৱাৰীৰ জীৱন আৰু আদৰ্শ     সন্দৰ্ভত বক্তৃতা দিয়াৰ পিছতেই অঞ্চলটোৰ    শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়,শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰ(উদয়পুৰ),শংকৰদেৱ শিশু নিকেতন,উদয়পুৰ,কঠোৰা প্ৰাথমিক বিদ্যালয়, কঠোৰা যুৱক সংঘ,কঠোৰা জনসেৱক সংঘ,  সৎসংগ বিহাৰ(কঠোৰা),কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁ‌ৰাল(গুৱাকুছি),গুৱাকুছি আঞ্চলিক শাখা সাহিত্য সভা,শিলপোতাবৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চ,শিলপোতাবৰী গোপাল মন্দিৰ,পূব বনভাগ মিলন এম ই স্কুল , বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়,পূব নলবাৰী হাইস্কুল,গ্ৰাম্য বিকাশ মঞ্চ,পূব নলবাৰী ক্ৰীড়া সংঘ,দতৰা মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰদীপ ডেকা,ঘগ্ৰাপাৰ যুৱ কংগ্ৰেছ , কঠোৰা লক্ষ্মী মন্দিৰ,কঠোৰা গাঁঁও উন্নয়ন সমিতি,কৰুণাস্মৃতি সংঘ(কুৱঁ‌ৰীকুছি ),বৰবৰী হাইস্কুল,বৰভাগ ইউনাইটেড স্প'ৰ্টছ ক্লাব (বৰখালা),অনাথ বন্ধু বৃদ্ধানুষ্ঠান,বনভাগ কলেজ,নলবাৰী জিলা কংগ্ৰেছ,অসম প্ৰদেশ কংগ্ৰেছ কমিটী আদিকে ধৰি প্ৰায় ত্ৰিশটা অনুষ্ঠান-প্ৰতিষ্ঠানে বিশিষ্ট শিক্ষাবিদগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত সমাজকৰ্মী মহিধৰ পাটোৱাৰীয়ে ৰমেশ চন্দ্ৰ পাটোৱাৰীৰ সৈতে সান্নিধ্য আৰু যৌৱন কালত অভিনয় কৰাৰ কথা ৰোমন্থন কৰি আৱেগিক হৈ পৰে।বিশিষ্ট চিকিৎসক তথা কঠোৰা গাঁঁৱৰ প্ৰাক্তন কৃতী ছাত্ৰ ডাঃ গোপাল কলিতা,কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁ‌ৰালৰ সভাপতি চাহাবুদ্দিন আহমেদ,গুৱাকুছি আঞ্চলিক শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা লেখক মইনুল হক চৌধুৰী,বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি তবিবৰ ৰহমান , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূূঞা,অৱসৰপ্ৰাপ্ত উন্নয়ন বিষয়া জ্যোতিষ কাকতি আদিকে ধৰি ভালেমান ব্যক্তিয়ে সমাজকৰ্মী তথা শিক্ষাবিদ ৰমেশ চন্দ্ৰ পাটোৱাৰীৰ জীৱন আৰু আদৰ্শ ভাষণযোগে দাঙি ধৰে।তলাবন্ধৰ বাবে প্ৰশাসনিক নীতি-নিয়ম মানি চলি অনুষ্ঠিত হোৱা সভাখনত সম্বৰ্দ্ধিত ব্যক্তি পাটোৱাৰীয়ে নিজে জন্ম দিয়া অসমী হাইস্কুল তথা অসমী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ইতিবৃত্ত আৰু শিক্ষকতাৰ দিন,পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হোৱা দিনৰ কথা আৰু অসমৰ বৰেণ্য ব্যক্তিসকলৰ সৈতে হোৱা সান্নিধ্যৰ কথা ৰোমন্থন কৰি আৱেগিক হৈ পৰে।লগতে,৭৯ বছৰ গৰকা ৰমেশ চন্দ্ৰ পাটোৱাৰীয়ে নিজ ভাষণত কয় যে আজি সমাজে মোক যি ৰাজহুৱা সন্মান দিলে,এই সন্মানে মোক আৰু বহু বছৰ জীয়াই থকাৰ প্ৰেৰণা দিব।

Your Comments