নগাঁৱত অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Nagao

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

সোমবাৰে পুৱা নগাঁও আৰক্ষীয়ে এটা গোপন খবৰৰ ভিত্তিত নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ৰাইদঙীয়াত অভিযান চলাই এটা অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত অস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম মইনুুুল হক।জানিব পৰা মতে মইনুল হকৰ ঘৰ তেজপুৰত ।আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা এটা পইন্ট ২২পিষ্টল আৰু পাঁচ জাঁই সজীৱ গুলীও জব্দ কৰে।আৰক্ষী সূত্ৰই জনোৱা মতে,নগাঁও জিলাৰ ৰাইদঙীয়া অঞ্চলত এটা অবৈধ অস্ত্ৰ সৰবৰাহকাৰীয়ে অস্ত্ৰ বিক্ৰী কৰিবলৈ অহা বুলি আৰক্ষীয়ে চোৰাংচোৱাৰ জৰিয়তে খবৰ লাভ কৰে।সেই খবৰৰ ভিত্তিতেই পুৱা দহ বজাত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে।আৰক্ষীৰ দলটোৱে ৰাইদঙীয়াত এটা পথৰ পৰাই অবৈধ অস্ত্ৰ সৰবৰাহকাৰী মইনুলক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।তেওঁ পিষ্টলটো কোনো লোকক বিক্ৰী কৰিবলৈ যোজা চলাওঁঁতেই আৰক্ষীৰ জালত পৰে।সম্প্ৰতি ধৃত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীটোৰ নগাঁও সদৰ আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।


ৱাহিদুদ জামান (নগাঁও) 

Your Comments