কৃত্ৰিম বানৰ কৱলত বংশৰৰ শতাধিক পৰিয়াল:কামৰূপ 'আছু'ৰ পৰিদৰ্শন 

মৃণাল ডেকা,শুৱালকুছি:

জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বংশৰ অঞ্চলত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে।অঞ্চলটোৰ বংশৰ বিলৰ পাৰ,বংশৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , বংশৰ সানপাৰা, বংশৰ বেলৰ তল,বংশৰ মাধৱপুৰ  জল্টি দাস হাইস্কুল-নিজ বংশৰ সংযোগী পথ, বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়-বৰবদ্দিয়া বড়ো চূপা পথকে ধৰি ভালেকেইটা চুবুৰীৰ শতাধিক পৰিয়ালৰ ঘৰৰ চৌহদ পানীত বুৰ যোৱাৰ লগতে খেতিপথাৰ কৃত্ৰিম বানত বুৰ গৈছে।সোমবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতৰ নেতৃত্বত  ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰে।পৰিদৰ্শন কৰাৰ পিছত কামৰূপ আছুৰ সভাপতি দিবাকৰ কলিতাই বিগত কেইবাদিনো ধৰি বৃহত্তৰ অঞ্চলটো পানীয়ে বুৰাই পেলোৱাৰ পিচতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে।অতি শীঘ্ৰে চৰকাৰ তথা জিলা প্ৰশাসনক কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায়।সঁজাতি দলটোত ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস,উপদেষ্টা তপন বৈশ্য আদি উপস্থিত থাকে।
 

Your Comments