'লকডাউন'ৰ প্ৰথম দিনটোত গুৱাহাটীত গ্ৰেপ্তাৰ ২৬ জন:গোচৰ ৰুজু ৪টা

Lockdown

'লকডাউন'ৰ প্ৰথম দিনটোত গুৱাহাটীত গ্ৰেপ্তাৰ  কৰা হৈছে ২৬ জন লোকক।এই কথা প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে। সন্ধিয়া ৫ বজালৈকে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গোচৰ ৰুজু কৰা হৈছে ৪টা।

লকডাউনৰ প্ৰথম দিনটোত ১১২খন বাহন জব্দ কৰিছে আৰক্ষীয়ে।৬১ খন দুচকীয়া,১৭ খন তিনিচকীয়া ৩২ খন চাৰিচকীয়া আৰু ২ খন ছয়চকীয়া।উল্লেখ যে পূৰ্বতকৈ অধিক কঠোৰ হৈছে আৰক্ষী।

মাস্ক পৰিধান নকৰাৰ বাবে ৩০০০টকা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে।

Your Comments