'লকডাউন'ত লোকচানত চলিছে গুৱাহাটীত চিটিবাছ:অনুমতি থাকিও বন্ধ কৰিব লগা হৈছে চলাচল

Pic

চতুৰ্থ পৰ্যায়ৰ 'লকডাউন'ৰ সামান্য শিথিলতাৰ পিছতে গুৱাহাটী মহানগৰীত আৰম্ভ হৈছিল ৰাজহুৱা পৰিবহণ ব্যৱস্থা।প্ৰশাসনৰ।কঠোৰ  নিয়ম মানি পৰিবহণ নিগমে আৰম্ভ কৰিছিল চিটীবাছ সেৱা।প্ৰথমে ১০০ খন চিটীবাছ চলোৱাৰ ব্যৱস্থা কৰা হৈছিল  যদিও  পিছত যাত্ৰীৰ সুবিধাৰ বাবে প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত পুনৰ ১০০ খন চিটিবাছ বৃদ্ধি কৰা হৈছিল।অৰ্থাৎ ২০০ খন ব্যক্তিগত চিটিবাছক গুৱাহাটীত চলাচল কৰাৰ বাবে অনুমতি দিয়া হৈছিল।কিন্তু আশ্চৰ্যজনকভাৱে আজি গুৱাহাটীত মাত্ৰ ৫০-৬০খন সেৱা চলি আছে।এই কথা অৱগত কৰে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে।তেওঁ কয় যে ৫০% যাত্ৰী লৈ চিটিবাছ সমূহ চলাচল কৰিব পাৰিব বুলি কোৱা হৈছিল যদিও  ৫০% মানুহো নহয় চিটিবাছত।সন্ধিয়ালৈ ২০০-৩০০ টকা কেৱল সংগ্ৰহ হয়।ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মালিকসকল আৰু বাছসমূহ  চলাচলৰ অনুমতি থকাৰ পিছতো বন্ধ কৰি দিব লগা হৈছে।
 
'পূৰ্বৰ ভাড়াতে চিটিবাছসমূহে নিব লগা হৈছে ৫০% যাত্ৰী।তাতে সেই ৫০%যাত্ৰীও নাথাকে বাছত।দুই-তিনিজন যাত্ৰী লৈ বাছসমূহ চলি আছে'- দাসে কয়।

উল্লেখ যে গুৱাহাটী মহানগৰীত প্ৰায় ৭০০ খন চিটিবাছ আছে।সেই বাছসমূহৰ লগত প্ৰায় ২১শ কৰ্মচাৰী জড়িত হৈ আছে।লকডাউনৰ বাবে যোৱা মার্চ মাহৰ পৰা বন্ধ হৈ থকাত প্ৰায় ১৬ কোটি টকাৰ লোকচান হৈছে বুলি জানিবলৈ দিয়ে সম্পাদক দাসে।

'ভাৰত চৰকাৰে ৰোড টেক্স জমা দিয়াৰ সময় অহা ৩০ জুনলৈ বৃদ্ধি কৰিছে।কিন্তু অসম চৰকাৰে ৩১ মে'লৈহে ইয়াৰ সময়সীমা বৃদ্ধি কৰিছে।কি কাৰণে ৰাজ্য চৰকাৰে আমাৰ কথা ভাবি চোৱা নাই'-দাসে লগতে কয়।

Your Comments