নলবাৰীৰ ধৰ্মপুৰত বিধ্বস্ত পথ:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো অনুৰোধো ৰক্ষা নকৰে গড়কাপ্তানি বিভাগে

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰী জিলাৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ এখন গাঁৱৰ মাত্ৰ আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ একাংশ পথৰ বিধ্বস্ত ৰূপে সমষ্টিটোৰ উন্নয়নৰ স্বৰূপ উদঙাইছে।বিল্বেশ্বৰ গাঁৱৰ হৰহৰিয়াপাৰ চুবুৰীৰ এই পথছোৱাৰ অৱস্থাৰ বিষয়ে চৰ্চালৈ অহাৰ কাৰণ হ’ল পাঁচ বছৰ পূৰ্বে তদানীন্তন স্থানীয় বিধায়ক নীলমণিসেন ডেকাৰ কাৰ্যকালত পথছোৱাৰ দুয়ো মূৰৰ অংশ পকীকৰণ হৈ গৈছে।কি কাৰণত মাজতে মাত্ৰ আধা কিলোমিটাৰ পথ পকীকৰণ নহ’ল সেয়া আজিও স্থানীয় ৰাইজৰ বাবে ৰহস্যৰ বিষয়।সম্প্ৰতি পথছোৱা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে।এজাক বৰষুণতে একাঠু পানী হয় পথত।স্থানীয় লোকসকল ওলাব সোমাব নোৱাৰা অৱস্থা।
ইতিপূৰ্বে ৰাইজে স্থানীয় বিধায়ক তথা উদ্যোগ-পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু গড়কাপ্তানি বিভাগৰ ওচৰত আবেদন-নিবেদন কৰিছে যদিও কোনো কামত অহা নাই। আনকি,এবাৰ মন্ত্ৰী পাটোৱাৰীয়ে উল্লিখিত বিধ্বস্ত পথছোৱা নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছিল।কিন্তু মন্ত্ৰীৰ অনুৰোধকো কোনো গুৰুত্ব দিয়া নাই বেপৰোৱা গড়কাপ্তানি বিভাগে।

Your Comments