দক্ষিণ বাঁঁহজানীত মাধাপুৰ-চৰিয়াৰ আধৰুৱা দুই পথ সম্পূৰ্ণ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰী জিলাৰ পূব নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কংগ্ৰেছ শাসিত দক্ষিণ বাঁঁহজানী গাঁও পঞ্চায়তত এম জি এনৰেগা, চতুৰ্দশ বিত্তীয় আয়োগ, প্ৰধানমন্ত্ৰী কৃষক সন্মান কল্যাণ নিধি আচঁনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ নামত  ব্যাপক দুৰ্নীতি, অনিয়ম, কেলেংকাৰী সংঘটিত কৰি পঞ্চায়ত প্ৰতিনিধিয়ে কনিষ্ঠ অভিযন্তা,সচিব আৰু গ্ৰাম ৰোজগাৰ সহায়কৰে মিলি লুটপাত চলোৱা বুলি নলবাৰী আঞ্চলিক কৃষক সভাই  গুৰুতৰ অভিযোগ তোলে। এনে সময়তে প্ৰায় পথ আধৰুৱা তথা নিৰ্মাণ হোৱা এচাম পথত বিভাগীয় বেনাৰ আৰি নিদি একমাত্ৰ ৰাইজে পথলৈ আবণ্টিত ধন কিমান অৱগত হৈ জৱাবদিহি কৰিব বুলি ভিতৰি ভিতৰি পঞ্চায়ত কৰ্তৃপক্ষৰ মাজত হাহাকাৰ লাগিছে।শুকুৰবাৰে পঞ্চায়তখনৰ চৰিয়া-মাধাপুৰবাসী ৰাইজে মাধাপুৰ সিমূৰ চুবুৰীৰ গিয়াছ আলীৰ পদুলীৰ পৰা ফুলেন শৰ্মাৰ পদূলিলৈ যোৱা পথটো আৰু চৰিয়াৰ মেছেৰ আলীৰ পদুলীৰ পৰা দীনেশ দাসৰ পদূূলিলৈ যোৱা(চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ অধীনত) পথ দুটা দীৰ্ঘদিনে আধৰুৱা কৈ ৰখা আৰু ব্যাপক অনিয়ম -দুৰ্নীতি সংঘটিত কৰি আবণ্টিত ধন লুন্ঠন চলোৱাৰ সন্দেহৰ  অভিযোগ তুলি স্থানীয় ৰাইজে পঞ্চায়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।আনকি,পথ দুটাৰ আজিলৈ বিভাগীয় নাম ফলকখনো আঁঁৰি দিয়া নাই।প্ৰতিবাদকাৰী ৰাইজে নলবাৰী আঞ্চলিক কৃষক সভা জিন্দাবাদ,দক্ষিণ বাহঁজানী কংগ্ৰেছী গাঁও পঞ্চায়ত কৰ্তৃপক্ষ হায় হায়,আধৰুৱা পথ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰক, জিলা প্ৰশাসন হায় হায়, ৰাজহুৱা ধনৰ অপচয় নচলিব আদি শ্লোগানেৰে মাধাপুৰ উত্তাল কৰিলে তোল।নলবাৰী আঞ্চলিক কৃষক সভাৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত জিলা কৃষক সভাৰ সম্পাদক ৰবীন মিশ্ৰ,নলবাৰী  আঞ্চলিক সমিতিৰ সম্পাদক ৰাজীৱ আলী,কৰ্মী ছহিদুল আলী,ছহিদুল ৰহমান,ৰফিক আলী,চাদেৰ আলী,চাবিনা বেগম, চাফিয়া বেগম,সচেতন নাগৰিক ৰিয়াজ আলী সহ বহুত সংখ্যক ৰাইজে লকডাউনৰ নীতি নিয়ম মানি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে পথ দুটা দীৰ্ঘদিনীয়া দাবীৰ ফলত পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংশ্লিষ্ট বিভাগে ধন আৱন্টন দি নিৰ্মাণকাৰ্য  আৰম্ভ কৰিছিল যদিও কংগ্ৰেছী পঞ্চায়তখনে দীৰ্ঘদিন ধৰি কাম নকৰি পেলাই থৈ দিয়াত ৰাইজে নৰক যন্ত্ৰনা ভুগিব লগা হৈছে। প্ৰতিবাদী ৰাইজে সংবাদ মাধ্যমক জনায় যে বহুকেইবাৰ পঞ্চায়তখনৰ কংগ্ৰেছী সভাপতি মুকুতৰ ৰহমান আৰু সচিব ধৰণী দাস,গ্ৰাম ৰোজগাৰ সহায়কগৰাকীক পথ দুটা সম্পূৰ্ণ কৰাৰ বাবে অৱগত কৰিছিল যদিও পঞ্চায়ত কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই। বৰং প্ৰতিবাদী ৰাইজে সন্দেহ কৰিছে আগৰ আবণ্টিত ধন লুট কৰি পুনৰ পাছৰ বিত্তীয় বৰ্ষত পুনৰ ধন আবন্টন দি সম্পূৰ্ণ কৰাৰ পাং পতা বুলি অভিযোগ তোলে।সম্প্ৰতি পথ দুটা নাম ফলক আৰু আধৰুৱাখিনি সম্পূৰ্ণ কৰিবলৈ স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা,পূব নলবাৰী উন্নয়ন খণ্ডৰ বিডিঅ মনোজ বৰ্মন, জিলা প্ৰশাসনৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছে।

Your Comments