ঘগ্ৰাপাৰৰ আকনাত নোনা নৈৰ মথাউৰিৰ খহনীয়া পৰিদৰ্শন নলবাৰী জিলা উপায়ুক্তৰ:খীৰতি গাইত পৰিণত মথাউৰি নিৰ্মাণত পুনৰ ৫ কোটি টকা ধাৰ্য 

Pic

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:

ৰাজ‍্যৰ ভগ্নপ্ৰায় মথাউৰি আৰু খহনীয়াসমুহৰ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশ দিয়াৰ পিছতো নলবাৰী জিলাৰ বিভিন্ন ঠাইত মথাউৰিৰ নিৰ্মাণ, মেৰামতি আদিৰ কাম আজি পৰ্যন্ত নোহোৱাত নৈপৰীয়া ৰাইজ সমাগত বাৰিষাৰ পুৰ্বে আংতকিত হৈ পৰিছে।ৰাইজৰ অভিযোগ যে নলবাৰীৰ একাংশ জলসম্পদ বিভাগৰ বৰমূৰীয়া তথা বিষয়া-কৰ্মচাৰীৰ বাৰিষা আহিলেহে নৈপৰীয়া ৰাইজলৈ মনত পৰে। বিয়াগোম বিভাগটোৱে প্ৰতিবছৰে বাৰিষাৰ আগত ততাতৈয়াকৈ মথাউৰিৰ কাম সম্পন্ন কৰি খীৰতি গাইত পৰিণত কৰি এচাম বিষয়া-কৰ্মচাৰী আৰু ধুৰন্ধৰ ঠিকাদাৰৰ মুনাফাৰ স্থলী কৰাৰো অভিযোগ তোলে।তেনে এক উদাহৰণ হ'ল নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ নোনা নৈৰ মথাউৰি।দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগৰ সংশ্লিষ্টসকলৰ খীৰতি গাইত পৰিণত নোনা নৈৰ খহনীয়া ৰোধৰ বাবে পুনৰ ৫ কোটি টকা ধাৰ্য হৈছে বুলি জানিব পৰা গৈছে।শেহতীয়াভাৱে নোনা নৈৰ পশ্চিম দিশৰ মথাউৰিটোৰ আকনাত প্ৰায় পাঁচ মিটাৰ গৰাখহনীয়া সৃষ্টি হৈছে।তেনে সময়তে বৃহস্পতিবাৰে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে লগত নলবাৰী জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰীৰ সৈতে উক্ত স্থান পৰিদৰ্শন কৰে।

Pic

উপায়ুক্তগৰাকীয়ে দুপৰীয়া ভাগত  
উক্ত স্থানত উপস্থিত হৈ ইতিমধ্যে কালৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি হোৱা মথাউৰিটোৰ কাম নলবাৰীৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিষয়াবৰ্গক অতি শীঘ্ৰে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখ‍্য‍্য যে এই মথাউৰিটোৱে প্ৰতিটো বাৰিষা কালৰূপ ধাৰণ কৰি অঞ্চলটোৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে বুলি চৰ্চিত হৈছে।ইফালে, এই মথাউৰিটোৰ মেৰামতিৰ নামত প্ৰতি বাৰিষা লাখ লাখ টকা ধাৰ্য কৰি নিম্নমানৰ কাম কৰি জলসম্পদ বিভাগ আৰু ঠিকাদাৰে ভগাই খাইছিল বুলি ৰাজহুৱা অভিযোগ উঠিছে। পিছে সেয়া যিয়ে নহওঁঁক কিয় এইবেলি উক্ত স্থানত ধাৰ্য কৰা ৫ কোটি টকাৰ যাতে সদ্ব‍্যৱহাৰ হয়,তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিবলৈ নলবাৰী জিলা উপায়ুক্তগৰাকীক ৰাইজে আহ্বান জনাইছে।


 

.

Your Comments