ক'ৰ'নাত মৃত্যুৰ হাৰ ভাৰতত যথেষ্ট কম:আমেৰিকাত প্ৰতি লাখ লোকৰ মাজত মৃত্যুৰ হাৰ ২৬.৬,ভাৰতত ০.২

Pic

যদিও ভাৰতত ক'ৰ'না ভাইৰাছৰ  দ্ৰুত সংক্ৰমণ অব্যাহত আছে,তাৰ মাজতে আহিছে এটা সুখবৰ।বিশ্বৰ বহু দেশৰ তুলনাত ভাৰতত ক'ৰ'না ৰোগীৰ মৃত্যুৰ হাৰ যথেষ্ট কম হিচাপে চিহ্নিত হৈছে।বিশ্বত প্ৰতি লাখ লোকৰ ভিতৰত ক'ৰ'নাত মৃত্যুৰ হাৰ ৪.১ হোৱাৰ বিপৰীতে ভাৰতত এই মৃত্যুৰ হাৰ মাত্ৰ ০.২‌।ইফালে, বিশ্বৰ বহু দেশৰ তুলনাত ভাৰতত মৃত্যুৰ সংখ্যা অতি কম দেখা গৈছে।স্পেইনত প্ৰতি লাখ লোকৰ মাজত মৃত্যুৰ হাৰ ৫৯.২,ইটালীত ৫২.৮,গ্ৰেট ব্ৰিটেইনত ৫২.১,ফ্ৰান্স ত ৪১.৯,আমেৰিকাত ২৬.৬,জাৰ্মানীত ৯.৬ হোৱাৰ বিপৰীতে ভাৰতত প্ৰতি লাখ লোকৰ মাজত মৃত্যুৰ হাৰ ০.২।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে এই তথ্য প্ৰকাশ কৰিছে।ক'ৰ'না ৰোগীৰ চিনাক্তকৰণৰ পিছত সঠিক চিকিৎসা কৰাৰ বাবে ভাৰতত মৃত্যুৰ হাৰ কম হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে।

Your Comments