দুমুনিচকীৰ দৰং দুৱাৰ ক্লাবত বাৰ্তালোচনী 'মাহেকীয়া সংবাদ'ৰ শুভ উন্মোচন 

drang_

সামাজিক, বৌদ্ধিক বিকাশৰ লগতে এটি বৃহৎ অঞ্চলৰ  সাহিত্যৰ ক্ষেত্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই দৰঙৰ দুমুনিচকীৰ দৰং দুৱাৰ ক্লাবত ২৬ আগষ্টত উন্মোচন কৰা হয় বাৰ্তালোচনী 'মাহেকীয়া সংবাদ'। সাহিত্য চৰ্চাৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তিৰ উপষ্ঠিতিত অনুষ্ঠিত  এক উন্মোচনী সভাত বিশিষ্ট সমাজসেৱক-অৱসৰী শিক্ষক মহিবুল্লা আহমেদে  বাৰ্তালোচনীখন উন্মোচন কৰে।  উন্মোচনী ভাষণত তেওঁ কয় যে গ্ৰামাঞ্চলৰ সমস্যা সঠিক ৰূপত উপস্থাপন কৰিবলৈ এই মাহেকীয়া বাৰ্তালোচনীখন এক বৌদ্ধিক চিন্তাৰ ভঁৰালৰূপে প্ৰতিফলিত হ'ব ।

এই সভাতে মুখ্য সম্পাদক মিনহাজুদ্দিন আহমেদে ব্যক্ত কৰে যে সুপ্ত প্ৰতিভাৰ বিকাশ আৰু গ্ৰাম্য সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰাটোৱেই হ'ব এই বাৰ্তালোচনীৰ প্ৰধান  কাম । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ক্লাবৰ  সভাপতি মমতাজ আলী, জ্যেষ্ঠ নাগৰিক বৈতুল্লা আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক দিলোৱাৰ হুছেইন, আব্দুলা চফিক, সাংবাদিক মনোজ আলী, আতিকুৰ ৰহমানকে ধৰি বহুতো লোক উপস্থিত থাকে ।

Your Comments