গোড়েশ্বৰত হাতী-মানুহৰ সংঘাত ৰোধৰ সজাগতা সভা

গোড়েশ্বৰত হাতী-মানুহৰ সংঘাত ৰোধৰ সজাগতা সভা

হাতী-মানুহৰ সংঘাতে সম্প্ৰতি বাক্সা জিলাৰ ভিন্ন প্ৰান্তত জটিল ৰূপ ধাৰণ কৰিছে । তাৰবাবে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন । বাক্সা জিলাত থকা বন বিভাগৰ মুঠ ১৪ হাজাৰ হেক্টৰ বনভূমিৰ ৮ হাজাৰ হেক্টৰ ভূমিয়ে সম্প্ৰতি বেদখলৰ কবলত পৰিছে ।

হাতী প্ৰতিৰোধৰ বাবে নৈপৰীয়া অঞ্চলত বৃক্ষৰোপণ কৰা প্ৰয়োজন ৷ -এই মন্তব্য বাক্সা জিলাৰ বন বিষয়া ভৱেশ চন্দ্ৰ দাসৰ । আজি বাক্সা জিলাৰ ২নং ডোঙাৰগাঁও বাথৌ মন্দিৰ প্ৰাংগণত বাক্সা জিলা বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হাতী-মানুহৰ সংঘাতৰ ওপৰত অনুষ্ঠিত এক সজাগতা সভাত উপস্থিত থাকি এনেদৰে কয় বন বিষয়াজনে ।

লগতে তেওঁ প্ৰকৃতিক ভালপাবলৈ সৰুৰে পৰাই ল'ৰা-ছোৱালীক শিকালেহে হাতী-মানুহৰ সংঘাতৰ দৰে কাৰ্যপন্থা ৰোধ কৰাটো সম্ভৱ বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বিভাগক সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনায় ।

স্থানীয় সমাজকৰ্মী বংশী নেৱাৰৰ সভাপতিত্বত তথা বীট অফিচাৰ মৃদুল ৰহমানে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত জিলাখনৰ অন্তৰ্গত ৯খন গাঁও সমিতি আৰু অঞ্চলটোৰ লোকৰ মাজত টৰ্চ লাইট, আতচবাজী আদি হাতী প্ৰতিৰোধী সামগ্ৰী বিতৰণ কৰা হয় ।

ইয়াৰ পূৰ্বে দেওচুঙা মিলন আদৰ্শ এমই স্কুলত গছপুলি ৰোপণৰ বাবে সজাগতা সভাৰ লগতে দিলীপ ডেকাক সভাপতি তথা তাৰা কুমাৰ প্ৰধানক সম্পাদক হিচাপে লৈ পৰিবেশ সংৰক্ষণ ক্লাব এটি গঠন কৰা হয় ।

উল্লেখ্য যে অসমত মুঠ ৫০টা এনে ক্লাব গঠন কৰাৰ লগতে বাক্সাৰ উত্তৰকুচি আৰু দেওচুঙাত দুটা ক্লাব গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে বন বিভাগৰ জিলা বিষয়াজনে ।

সভাত তামুলপুৰ বনাঞ্চলিক বিষয়া কেশৱ ব্ৰহ্ম, বীট অফিচাৰদ্বয় ফুকন চন্দ্ৰ ডেকা, মৃদুল ৰহমানৰ লগতে বন বিভাগৰ বহুকেইগৰাকী বনকৰ্মী উপস্থিত থাকে ।

Your Comments