তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

তামুলপুৰৰ মাজমজিয়াত স্থাপিত অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা নিকেতনৰ ২৫ বৰ্ষ পূৰ্তি উপলক্ষে ২০১৮ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী ।

ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সফল ৰূপায়ণৰ অন্তত অহা ২০১৯ বৰ্ষৰ  ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সামৰণী অনুষ্ঠানৰ মূল কাৰ্যসূচী ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হ'ব ।

সেই উপলক্ষে উদ্‌যাপন সমিতিৰ তৰফৰ পৰা এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে । সেয়েহে ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ অধীনস্থ স্মৃতিগ্ৰন্থ উপ-সমিতিয়ে বৰ্তমানৰ ছাত্র-ছাত্রী, প্ৰাক্তন ছাত্র-ছাত্রী, আচাৰ্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা, প্ৰাক্তন পদাধিকাৰী, প্ৰতিষ্ঠাপক কৰ্মকৰ্তা আৰু ইচ্ছুক লেখক-লেখিকাসকলৰ পৰা শিক্ষা

সম্বন্ধীয়, শিশু স্বাস্থ্য সম্বন্ধীয় প্ৰবন্ধ, নিবন্ধৰ লগতে নিকেতনৰ স্মৃতি বিজড়িত ভিন্ন অভিজ্ঞতাৰ লেখা আহ্বান কৰিছে ।

ইচ্ছুক লেখক-লেখিকাসকলক তেওঁলোকৰ লেখাসমূহ ৩০ অক্টোবৰ অথবা তাৰ আগতে পোৱাকৈ বৈকুণ্ঠ কলিতা, সম্পাদক, স্মৃতিগ্ৰন্থ, ৰূপালী জয়ন্তী সমাৰোহ, শঙ্কৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ, ডাকঘৰ- তামুলপুৰ, জিলা- বাক্সা, বিটিএডি, অসম, পিন-৭৮১৩৬৭ অথবা baikunthakalita02@gmail.com এই ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে ।

Your Comments