ক'ৰ'নাক লৈ বিতৰ্কিত মন্তব্য কৰি ১৪দিনৰ জেললৈ বিধায়ক আমিনুল ইছলাম

Pic

নিজামুদ্দিনৰ তবলিগী জামাতৰ পৰা ৰাজ্যলৈ সংক্ৰমণ হোৱা মহামাৰী ক'ৰ'না ভাইৰাছক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক জেললৈ প্ৰেৰণ।সোমবাৰে সন্ধিয়া নগাঁও আৰক্ষীয়ে সোধ-পোচৰ বাবে তলব কৰিছিল ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়কগৰাকীক।দীঘলীয়া সময় সোধ-পোচৰ অন্তত মঙলবাৰে পুৱা বিধায়ক ইছলামক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।

তাৰ পিছতে নগাঁও আৰক্ষীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত এটা গোচৰ ৰুজু কৰিছিল।সেই গোচৰৰ ভিত্তিত নগাঁও আদালতে ১৪ দিনৰ বাবে জেললৈ প্ৰেৰণ কৰিছে বিধায়ক ইছলামক।

উল্লেখ্য যে বিধায়ক ইছলামে এটা শ্ৰব্য বাৰ্তাৰ জড়িয়তে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

Your Comments