বাক্সাৰ নৰসিংহ কীৰ্তন ঘৰৰ 'অসম আৰোগ্য নিধি'লৈ আৰ্থিক সাহায্য

Pic

জালাহৰ পৰা গুঞ্জন দাস:

সমগ্ৰ বিশ্বক ক’ৰ'না ভাইৰাছে ত্ৰাসিত কৰাৰ সময়ত অসম চৰকাৰৰ আহ্বান মৰ্মে বিভিন্নজনে আৰ্থিক সেৱা আগবঢ়াইছে।এই পৰিপ্ৰেক্ষিতত বাক্সা জিলাৰ অন্তৰ্গত অসম দৰ্পণ আঁচনিৰ অন্তৰ্ভুক্ত ঐতিহ্যমণ্ডিত ভোটেপোৱাবড়ীৰ শ্ৰীশ্ৰীনৰসিংহ কীৰ্ত্তন ঘৰ দৌল সমিতিৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ ১০,০০০ টকাৰ চেক প্ৰদান কৰে।৬ এপ্ৰিলত দৌল উদযাপন সমিতিৰ সম্পাদক গদাধৰ কলিতা আৰু সদস্য ৰাহুল কলিতাই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ উপস্থিতিত বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ হাতত অৰ্পণ কৰে।জিলাখনৰ সদৰ মুছলপুৰত উপায়ুক্তগৰাকীক এই ধন প্ৰদান কৰি সম্পাদকে দৌল মহোৎসৱলৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে ভক্তপ্ৰাণ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

Your Comments