শিৱসাগৰত জিলা উপায়ুক্তৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীৰ সৈতে বৈঠক:শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ ৰাইজলৈ আহ্বান

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

নভেল ক'ৰ'না ভাইৰাছৰ মহাসংক্ৰমণ প্ৰতিৰোধৰ বাবে বৰ্তমানে সমগ্র দেশতে চলি থকা 'লকডাউন'ৰ সময়চোৱাত কিছুমান দুষ্ট চক্ৰই সাতামপুৰুষীয়া ঐক্য,শান্তি-সম্প্ৰীতিৰ বাতাৱৰণ বিনষ্ট কৰাৰ মানসেৰে কিছুমান অপপ্ৰচাৰ চলোৱা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে।শিৱসাগৰ জিলা প্ৰশাসনে এনেধৰণৰ কু-অভিসন্ধিৰ বিৰুদ্ধে সচেতনতা অৱলম্বন কৰি আহিছে আৰু ইয়াৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰাখিছে।জিলাখনৰ ৰাইজ যাতে কোনোপধ্যে উৰাবাতৰি আৰু অপপ্ৰচাৰত ভুল নাযায়,ভীতিগ্রস্ত নহয় আৰু ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি ঐক্যবদ্ধভাৱে ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত সহযোগিতা আগবঢ়ায়,সেই লক্ষ্যৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰা হয়।বৈঠকত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে আজি পৰ্যন্ত জিলাখনত কোনোলোক নভেল ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো তথ্যজনিত প্ৰমাণ নাই।ক'ৰ'না ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।তেওঁ উল্লেখ কৰে যে এই জটিল সন্ধিক্ষণত ৰাজ্যখনৰ লগতে জিলাখনৰ সাতামপুৰুষীয়া একতা,শান্তি,পাৰস্পৰিক সৌহার্দৰ বাতাৱৰণ বিনষ্ট কৰাৰ মানসেৰে আৰু সমাজত সম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কিছু দুষ্টচক্ৰই বিভিন্ন মাধ্যমেৰে উৰাবাতৰি আৰু অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।এনেধৰণৰ উৰাবাতৰি আৰু অপপ্ৰচাৰত ভোল নাযাবলৈ তথা ভীতিগ্রস্ত নহ'বলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ উপস্থিত সকলোকে আগভাগ লবলৈ আহ্বান জনায়।তেওঁ লগতে সকলোকে জিলাখনৰ ৰাইজৰ মাজত থকা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰি ৰাখিবলৈ আহ্বান জনায়।জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে উৰাবাতৰি আৰু অপপ্ৰচাৰত লিপ্তসকলৰ বিৰূদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সদৰি কৰে।বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৰাইজৰ হিতৰ বাবে জিলাখনত চলি থকা লকডাউন আৰু কটকটীয়াভাৱে বলৱৎ কৰা হ'ব বুলি উল্লেখ কৰে।তেওঁ কয় যে উৰাবাতৰি কিছুমানত কোৱাৰ দৰে জিলাখনত দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ পৰা ঘূৰি অহা কোনো ব্যক্তিয়ে আত্মগোপন কৰি থকা নাই।এই সন্দৰ্ভত তিনি তৰপীয়া অনুসন্ধান চলোৱা হৈছিল।যিসকল ব্যক্তি ইতিমধ্যে আহিছিল,তেওঁলোকক বিধিগতভাৱে পৰীক্ষা কৰোৱা হয় আৰু আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাও কৰা হয়। বৰ্তমানলৈ পৰীক্ষাৰ বাবে পঠিওৱা সকলো লোকৰ নমুনা নিগেটিভ পোৱা গৈছে। তেওঁ কয় যে যদি বাহিৰৰ পৰা অহা কোনো ব্যক্তিৰ যদি কিবা সম্ভেদ পায়,তেন্তে সেই বিষয়ে আৰক্ষী বিভাগ বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিব পাৰিব।ছ'চিয়েল মিডিয়া বা অন্যান্য প্ৰচাৰ মাধ্যমেৰে অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইতিমধ্যে জিলাখনত এনেধৰণৰ এটা গোচৰ ৰুজু কৰি ৫ গৰাকী লোকৰ বিৰূদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।তেওঁ সকলো ৰাইজকে ক'ৰ'নাা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনায়।বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিয়ে জিলা প্ৰশাসনৰ দ্বাৰা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু আন্তঃগাঁথনিৰ বিষয়ে অৱগত কৰে।তেওঁ কয় যে জিলাখনৰ চিকিৎসালয়সমূহত ইতিমধ্যে ১৬৫ খন বিচনা আইছ'লেচনৰ বাবে আৰু ৪৬৭ খন কোৱাৰেণ্টাইনৰ বাবে মজুত ৰখা হৈছে।লগতে,জিলাখনত যাৱতীয় ঔষধপাতি আৰু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰয়োজনীয় পিপিই(Personal Protection Equipment or PPE) মজুত কৰি ৰখা হৈছে বুলিও তেওঁ উল্লেখ কৰে।ক'ৰ'না ভাইৰাছ সন্দৰ্ভত ওজৰ-আপত্তি আৰু কিবা জানিবলগীয়া থাকিলে ১০৭৭, ০৩৭৭২-২২৩৩৯৭ ,৮৪৭১৮৬৪৩৫৫ নম্বৰ সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব বুলি উপস্থিত সকলোকে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। অতিৰিক্ত উপায়ুক্ত বিদিত দাসে বৈঠকত অৱগত কৰে লকডাউনৰ সময়ছোৱাত যাতে কোনো কাৰণতে জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যাহত নহয় আৰু মূল্যবৃদ্ধি নহয় তাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।

Your Comments