'বিগত ৪৮ ঘন্টাত ৰাজ্যত নতুনকৈ কোনো ব্যক্তি আক্রান্ত হোৱা নাই ক'ৰ'না ভাইৰাছত'

Pic

যোৱা ৪৮ ঘন্টাত ৰাজ্যত নতুনকৈ কোন ব্যক্তি আক্রান্ত হোৱা নাই ক'ৰ'না ভাইৰাছত।এই কথা প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় যে বৰ্তমান সময়লৈকে ৰাজ্যৰ পাঁচটা পৰীক্ষা কেন্দ্ৰত সম্পন্ন কৰা হৈছে দুই হাজাৰটা নমুনাৰ পৰীক্ষা।তাৰে ১৬৫টাৰ ফলাফল আহিবলৈ বাকী আছে।২৬টা পজিটিভ আৰ ১৮০৯টা নিগেটিভ।উল্লেখ যে ৰাজ্যৰ পাঁচটা কেন্দ্ৰত  পৰীক্ষাসমূহৰ ফলাফল প্ৰকাশ পায় তিনিটা পৰ্যায়ত।সেই অনুসৰি প্ৰথমটো দিনৰ ১১বজাত দ্বিতীয়টো আবেলি ৪ বজাত আৰু এটা ৰাতি ২বজাত প্ৰকাশ পায় বুলি জানিব দিয়ে স্বাস্থ্যমন্ত্ৰী ড: শৰ্মাই।

আনহাতে,গুৱাহাটীৰ
স্পেনিচ গাৰ্ডেনত ক'ভিড-১৯ আক্রান্ত মনীষ তিবৰীৱালৰ সান্নিধ্যত থকা ১১২জন ব্যক্তিক চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে।তাৰে ৯৮ গৰাকীৰ দেহৰ নমুনা সংগ্ৰহ কৰা হৈছে।সংগ্ৰহ কৰা নমুনাৰ ৮৫টা ফল আহিছে আৰু ফলাফল নিগেটিভ ওলাইছে।১৩টাৰ ফলাফল আহিবলৈ বাকী আছে আৰু ১৪টাৰ নমুনা সংগ্ৰহ কৰিবলৈ বাকী আছে।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত পাৰ্চনেল প্ৰটেক্ট কিট বৰ্তমান সময়ত জমা আছে ৩৯৪১টা,এন-৯৭মাক্স ৩৬৪৮৭ আৰু ত্ৰিপুল লেয়াৰ মাক্স জমা আছে ৭লাখ ২৮হাজাৰ ২২খন।

Your Comments