মানুহৰ পিছত বিশ্বত প্ৰথমটো জন্তু,এজনী বাঘিনী আক্ৰান্ত মহামাৰী ক'ৰ'না ভাইৰাছত

Pic

মানৱ দেহৰ পৰা জন্তুৰ দেহলৈ বিয়পিলে মহামাৰী ক'ৰ'না ভাইৰাছ।আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ 'ব্ৰনক্স চিৰিয়াখানা'ৰ এজনী বাঘিনীৰ দেহত পোৱা গৈছে ক'ৰ'না ভাইৰাছৰ উপস্থিতি।উল্লেখ্য যে মানুহৰ পৰা জন্তুলৈ ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ এয়া প্ৰথম ঘটনা। এই কথা সদৰি কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

উল্লেখ্য যে  চিৰিয়াখানাখনৰ 'নাডিয়া' নামৰ ৪ বছৰীয়া মালায়ন বাঘিনীজনীৰ নমুনা পৰীক্ষা কৰাৰ পিছত ধৰা পৰিছে "ক'ভিড-১৯"ৰ উপস্থিতি।চিৰিয়াখানা কৰ্তৃপক্ষই বাঘিনীজনীয়ে শুকান কাহ মাৰি থকা প্ৰত্যক্ষ কৰিছিল।তাৰ পিছতে  ক'ৰ'নাৰ পৰীক্ষা কৰা হয়।


বাঘিনীজনীক খাদ্য যোগান ধৰা চিৰিয়াখানা কৰ্মচাৰীৰ পৰা ক'ৰ'না ভাইৰাছ সংক্ৰমণ হোৱা বুলি উল্লেখ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

Your Comments