বিশ্বনাথত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰী

বিশ্বনাথত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰী

কাজিৰঙাৰ নৰ্দাৰ্ন ৰেঞ্জৰ বনকৰ্মীৰ অতৰ্কিত অভিযানত গ্ৰেপ্তাৰ হয় এটা চোৰাং চিকাৰী । বিশ্বনাথৰ ১নং আদাভেটিৰ পৰা গ্ৰেপ্তাৰ হয় দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰীটো ।

ধৃত চিকাৰীটোৰ নাম আব্দুল ৰচিদ ওৰফে লাঠিৱালা বুলি জানিব পৰা গৈছে ।

১নং আদাভেটিৰ এঘৰত আত্মগোপন কৰি থকা অৱস্হাত গ্ৰেপ্তাৰ কৰে বনকৰ্মীয়ে । ধৃত চিকাৰীটো শিলডুবিৰ গঁড় হত্যাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

Your Comments