নাৰায়ণপুৰত আছুৰ ২খন শাখা সমিতি গঠন 

নাৰায়ণপুৰত আছুৰ ২খন শাখা সমিতি গঠন 

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ত এখন পূৰ্ণাংগ শাখা গঠন কৰা হয় ৷

এই উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আছুৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁতধৰে আছুৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সম্পাদক ক্ষীৰোদ দুৱৰাই ৷

উক্ত সভাখনতে মহাবিদ্যালয়খনৰ ছাত্র বেদান্ত বৰুৱাক সভাপতি আৰু নিপুল বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া মাধৱদেৱ মহাবিদ্যালয় শাখা সমিতিখন গঠন কৰে ৷

সভাখনত আঞ্চলিক সমিতিখনৰ বিষয়ববীয়া কংকুমণি শইকীয়া, শান্তনু হাজৰিকা, নৱজ্যোতি বৰা, সুৰভী পাঠক, কৰিস্মা বৰদলৈ উপস্থিত থাকে ।

আনহাতে, নাৰায়ণপুৰ আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰফুল্ল ফুকনক সভাপতি আৰু হৃদয় শইকীয়াক সম্পাদক হিচাপে লৈ ৩১জনীয়া কমলপুৰ শাখা সমিতিখন গঠন কৰা হয় ৷
 

Your Comments