ৰপেটা জিলা সাহিত্য সভাৰ ভাষা সংকল্প দিৱস পালন

ৰপেটা জিলা সাহিত্য সভাৰ ভাষা সংকল্প দিৱস পালন

বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে সভাৰ বৰপেটাস্থিত কাৰ্যালয়ত "ভাষা সংকল্প দিৱস" পালন কৰা হয় । এই  উপলক্ষে বৰপেটা জিলা সাহিত্য সভাৰ উপ-সভাপতি লাচিত কলিতাৰ সভাপতিত্বত এখনি বৈঠক অনুষ্ঠিত হয় ৷

বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক কিশোৰ কুমাৰ দাসে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ বৈঠকত বৰপেটা জিলা সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক গনেশ নাথ, অসম সাহিত্য সভাৰ বৰপেটা জিলাৰ প্ৰতিনিধি গোবিন্দ তালুকদাৰ আৰু অসম সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মিৰ্জা হুমায়ুন কবিৰে বৰ্তমান বৃহৎ

অসমীয়া জাতি আৰু ভাষাৰ গভীৰ সংকটকালত ভাষাৰ সংৰক্ষণ, সংবৰ্ধনৰ কাৰণে সংকল্পবদ্ধ হ'বলৈ আৰু ভাষা ৰক্ষাৰ হেতু চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সকলোকে অনুৰোধ জনায় ।

ৰপেটা জিলা সাহিত্য সভাৰ ভাষা সংকল্প দিৱস পালন

বৈঠকত অসম সাহিত্য সভাৰ সামাজিক মাধ্যমৰ প্ৰশাসক জয়ন্ত কুমাৰ দাসে সংকল্প দিৱসত অসম সাহিত্য সভাৰ দাবীসমূহ যেনে অসমৰ কেউখন বিশ্ববিদ্যালয়তে অসমীয়া ভাষা শিক্ষা বাধ্যতামূলক কৰা, অসমৰ সকলো প্ৰকাৰৰ চাকৰিৰ সাক্ষাৎকাৰত অসমীয়া ভাষা আৰু অসমৰ থলুৱা মাতৃভাষাৰ ১০০ নম্বৰৰ এখন প্ৰশ্নকাকত বাধ্যতামূলক কৰা,

ইংৰাজী মাধ্যমৰ বিদ্যালয়ত দ্বাদশ শ্ৰেণীলৈকে সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ শিক্ষণ বাধ্যতামূলক কৰা, চৰকাৰে সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া ছফ্‌টৱেৰ যোগান ধৰাৰ লগতে অসমীয়াত চৰকাৰী কামকাজসমূহ সম্পন্ন কৰিবৰ সুচলাৰ্থে প্ৰশাসনীয় পৰিভাষা কোষ তথা অভিধান প্ৰণয়ন কৰা ইত্যাদিৰ বিষয়ে অৱগত কৰে ৷

বৈঠকত ডিম্বেশ্বৰ মেধী, ডাঃ আব্দুল কুদ্দুছ শিকদাৰ, নুৰ হুছেইন, গৌৰীকান্ত ব্ৰহ্ম, ছেকেণ্ডাৰ আলী আহমেদ, ডিম্বেশ্বৰ মেধী আৰু নিঞ্জু দত্তই বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

Your Comments