মাজুলীত প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত এন আৰ চি কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

majuli_nrc

অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰস্তত কৰা ৰাস্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কাৰ্যত জড়িত কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰি যোৱা দুই মাহে লাভ নকৰাৰ অভিযোগত আজিৰে পৰা কৰ্মবিৰতি পালন কৰিছে মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত ।

মাজুলী জিলাৰ কমলাবাৰী ৰাজহ চক্রৰ নাগৰিক পঞ্জীয়কৰ কাৰ্যালয় আৰু এন আৰ চি সেৱা কেন্দ্রসমূহত নিয়োজিত কৰ্মচাৰীসকলে অভিযোগ কৰামতে, ২০১৫ চনত যোগদান কৰি জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিষ্ঠা আৰু সততাৰে পুৱাৰ পৰা আবেলি ৪-৫ বজালৈকে কাম কৰাৰ পিছতো তেওঁলোকে পাবলগা মাহেকীয়া পাৰিতোষিক আদায় দিয়াৰ ক্ষেত্ৰত যোৱা ২০১৬ চনৰ পৰা অনিয়মীয়া হৈ আহিছে ।

শেহতীয়াকৈ যোৱা জুন আৰু জুলাই  এই দুই মাহৰ প্ৰাপ্য মজুৰি বৰ্তমানলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই মাজুলীৰ ৩২গৰাকী  এন আৰ চিৰ কৰ্মচাৰীয়ে ।

এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰক প্ৰাপ্য মজুৰি নিয়মীয়াকৈ মুকলি কৰি দিয়াৰ দাবীত বিগত দিনত বাৰম্বাৰ স্মাৰক পত্রযোগে জনাই অহাৰ পিছতো কোনো গঠনমূলক পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্রেক্ষিতত মাজুলীৰ ৩২গৰাকী এন আৰ চি কৰ্মচাৰীয়ে আজিৰে পৰা কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছে ।

ফলত এন আৰ চিৰ যাৱতীয় কাম-কাজ অচল হৈ পৰিছে মাজুলীত । যোৱা দুই মাহৰ মজুৰি শীঘ্রে মোকলাই নিদিয়া পৰ্যন্ত এই কৰ্মবিৰতি কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ দিয়াৰ লগতে অনাগত দিনতো মজুৰি নিয়মীয়াকৰণ হ'ব লাগিব বুলি মতপোষণ কৰিছে ।

Your Comments