কনিহা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

কনিহা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কনিহা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু বাৰ্ষিক অধিবেশনখন কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।
কনিহা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সদ্যঘোষিত হাইস্কুল,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰা হয়।ৰাতিপুৱা কনিহা কেন্দ্ৰীয়  ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰজ্যোতি কলিতাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে।

কণিহা ছাত্ৰ সন্থাৰ সাঃসম্পাদক সমুদ্ৰ গুপ্ত কাশ্যপে শ্বহীদ তৰ্পণ কৰে।কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক জয়ন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানটোৰ উদ্ধোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে।ছাত্ৰ নেতা গৰাকীয়ে উদ্ধোধনী ভাষণত কয় যে বৰ্তমান শিক্ষাৰ ব্যৱসায়কৰণে সমগ্ৰ  শিক্ষা ব্যৱস্থাটোৰে মানদণ্ড নিম্ন কৰিছে।শিক্ষাৰ মানদণ্ড উন্নত হলেহে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হব পাৰিব।বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰী সকলক ভাল শিক্ষা,ভাল শিক্ষানুষ্ঠান,উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব।মানৱ সম্পদ গঢ়া শিক্ষক সকলে কিছু কিছু ক্ষেত্ৰত আন্দোলনৰ পথ লৱলৈ বাধ্য হৈছে তেখেত সকলৰ প্ৰাপ্য বিচাৰি।

এই ক্ষেত্ৰত চৰকাৰে তেখেত সকলৰ সমস্যা সমাধান কৰিব লাগিব।সদৌ অসম ছাত্ৰ সন্থাই দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীক বুক-বেংকৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰত সহায় কৰি থকাৰ প্ৰসংগ উত্থাপন কৰি ছাত্র নেতা গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনাই কয় যে ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰাৰ লগতে সামাজিকভাৱেও দায়বদ্ধ হব লাগিব।

অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে কয় যে ছাত্ৰ-ছাত্ৰী সকলে ডাক্তৰ,ইঞ্জিনীয়াৰ হোৱাৰ আগেয়ে মানুহ হবলৈ শিকক  প্ৰথমে মানুহ হব লাগিব।তাৰ পিছতহে ডাক্তৰ ইঞ্জিনীয়াৰ হব লাগে।আমাৰ শিক্ষা ব্যৱস্থাই একাংশ মানৱ  সম্পদক সমাজৰ পৰা একাষৰীয়া কৰি গৈ আছে বুলি মন্তব্য কৰি কয় যে যিকোনো কাম কৰাৰ আগত আত্মবিশ্বাস গঢ়ি তুলিব আৰু লাগিব তেতিয়াহে জীৱনত সফলতা আনিব পাৰিব।ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ লগতে সমাজ খনৰ প্ৰতিও দায়বদ্ধ হবলৈ তেখেতে কয়।


অভিনন্দন অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিৱাকৰ কলিতাই কয় যে মোবাইলে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে।বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহনতকৈ মোবাইলত বেছি গুৰুত্ব দিয়াৰ ফলত শিক্ষা গ্ৰহনত প্ৰভাৱ পৰিছে।লগতে কয় যে ছাত্ৰ-ছাত্ৰী সকলে মই পাৰিম এই আত্মবিশ্বাস লৈ আগবাঢ়িলে সফলতাই আহিবই।ছাত্ৰ-ছাত্ৰী সকলে ঋণাত্মক মনোভাৱেৰে কোনো কথা চিন্তা কৰিব নালাগে বুলি তেখেতে কয়।সততাৰে ছাত্ৰ-ছাত্ৰী সকলক কৰ্মক্ষেত্ৰত দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ ছাত্ৰ নেতাজনে আহ্বান জনায়।

অনুষ্ঠানটোত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্ঠা ধীৰাজ ৰাজবংশীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে লগতে তেখেতে ছাত্ৰ-ছাত্ৰী সকলক জাতীয় দায়বদ্ধতাৰে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায়।এমট্ৰনৰ সহকাৰী প্ৰৱন্ধক দ্বীনমণি ভাণ্ডাৰ কায়স্থইও ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ক্ষেত্ৰত দিহা পৰামৰ্শ সূচক বক্তব্য প্ৰদান কৰে।অনুষ্ঠানটোত কনিহা উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন চৌধুৰী,অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰবন্ধক বাবুল শৰ্মাই শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানটোত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস,সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকা, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান,আদিল হাচান,নিউটন কলিতা সহ জিলা,মহকুমাৰ নেতৃত্ব উপস্থিত থাকে। কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।উক্ত অনোষ্ঠানটোত অভিনেত্ৰী ৰেখাশ্ৰুতী নাথে অভিনয়েৰে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক আপ্লুত কৰে। আবেলি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ  সভাপতি জিতু ডেকাই প্ৰতিনিধি সভা ও বিষয় বাচনি সভাখন উদ্ধোধন কৰে।


 

Your Comments