হাগ্ৰামাৰ লগ এৰি বিটিচিৰ নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব বিজেপি

Pic

বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব বিজেপি।আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে বিজেপি মন্ত্ৰী ভৱেশ কলিতাই।দিল্লী আৰু দিছপুৰত বিপিএফৰে মিত্ৰতা অক্ষুন্ন থাকিব বুলি দাবী কৰি মন্ত্ৰী কলিতাই কয়-"যিহেতু পঞ্চায়ত নিৰ্বাচনতো অগপৰ সৈতে মিত্ৰতা কৰা নাছিলোঁ,তেনেদৰে পৰিষদীয় নিৰ্বাচনতো বিপিএফৰে  মিত্ৰতা নকৰি অকলে অৱতীৰ্ণ হ'ম।"


গুৰুত্বপূৰ্ণ যে মুঠ ৪০খন আসনৰ বাবে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচন।তাৰে ২১খন আসন বিজেপিয়ে লাভ কৰিব বুলি মন্ত্ৰী কলিতাই কয়।

ইতিমধ্যে নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে অধিসূচনা।৮ এপ্ৰিলত ঘোষণা কৰা হ'ব ফলাফল।

Your Comments