এন আৰ চিত বাদ পৰিব লাগিব ২৭ লাখ অতিৰিক্ত মানুহৰ নাম : অদীপ ফুকন

adip_assam

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যদি ২৭ লাখ অতিৰিক্ত মানুহৰ নাম বাদ নপৰে তেনেহ'লে নাগৰিকপঞ্জীখন শুদ্ধ বুলি ক'ব নোৱাৰি।" - এই মন্তব্য বিশিষ্ট সাংবাদিক, চিন্তাবিদ, জাতিয়তাবাদী নেতা অদীপ কুমাৰ ফুকনৰ। আজি মঙলদৈত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত '' অসমৰ আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন'' শীৰ্ষক আলোচনা-চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি ৰাাজ্যখনত ১৯৫১ চনৰ পৰা ২০১১ চনলৈ ৫৯ লাখ ১৯ হাজাৰ ৮ শ ১৫ জন অতিৰিক্ত মানুহ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে।

তেওঁ কয় যে অসম আন্দোলনৰ পিছত ১৯৭১ চনৰ পৰা ২০১১ চনলৈ ৰাজ্যখনত ২৭ লাখ ৯৮ হাজাৰ ১শ ২৩ জন অতিৰিক্ত মানুহ ৰাজ্যখনত আছে। ব্ৰহ্মপুত্ৰ উপত্যকাত খিলঞ্জীয়া অসমীয়া মানুহে দপদপাই থাাকিব পাৰিব লাগিব, তেতিয়াহে পূথিৱীত অসমীয়া জাতিৰ অস্তিত্ব থাকিব। সমস্যজৰ্জৰ ৰাজ্যখনত এতিয়া বিকাশৰ পৰিৱৰ্তে হিন্দী বলয়ৰ আগ্ৰাসন এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰা বুলিও তেওঁ প্ৰকাশ কৰে ।পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা কমৰুল হকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা আলোচনা-চক্ৰত  বিশিষ্ট সাংবাদিক ফুকনে কয় যে ১৯৭৮ চনৰ পৰাই যুৱ-ছাত্র পৰিষদে বিদেশীৰ আগ্ৰাসন ৰোধ তথা ৰাজ্যখনৰ সুৰক্ষাৰ স্বাৰ্থত এই আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰে সদিচ্ছা আগবঢ়োৱা নাই।

ৰাজ্যত বৃদ্ধি পোৱা শোষন-লুণ্ঠন, দমন আৰু বিদেশীৰ ভয়লগা আগ্ৰাসন ৰোধৰ স্বাৰ্থতে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাটো অতীৱ প্ৰয়োজন বুলি কৈ আগশাৰীৰ ৰাজনৈতিক বিশ্লেষকগৰাকীয়ে একমাত্র খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবেই পাৰপত্ৰ ব্যৱস্থা ৰাজ্যখনত প্ৰৱৰ্তন কৰিবলৈ জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰখনক আহবান জনায়। ৰাজ্য চৰকাৰখনে ছহিদক শ্ৰদ্ধা জনালেই নহ'ব, ছহিদ হোৱাৰ কাৰণ বিশ্লেষণ কৰিব লাগিব। বিশ্লেষণ আৰু সদিচ্ছা থাকিলেহে সমস্যা সমাধান সম্ভৱ। কিন্তু চৰকাৰৰ বিশ্লেষণ আৰু সদিচ্ছা দুয়োটায়ে নাই বুলি উল্লেখ কৰে।

যুৱ-ছাত্র পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত ডেকাই সঞ্চালনা কৰা আলোচনা-চক্ৰখনত অদীপ ফুকনে তথ্য ভিত্তিক বক্তব্যৰে ভৱিষ্যতৰ দিনত থলুৱাৰ সুৰক্ষা আৰু এখন সমৃদ্ধিশালী অসম গঢ়ি তোলাৰ লক্ষ্যত নতুন চিন্তা-চৰ্চাৰে এক নব্য ৰাজনৈতিক সংগ্ৰামত চামিল হোৱাৰ বাবে ৰাইজৰ প্ৰতি মুকলি আহবান জনায়। ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ পৰা শিক্ষা ল'ব লাগে বুলি ৰাজ্য চৰকাৰখনলৈ পৰামৰ্শ আগবঢ়ায়।

পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পংকজ ডেকাই আঁতধৰা সভাখনত পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ভবেশ কাকতি, সাংগঠনিক সম্পাদক চন্দন শইকীয়া, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইন, মানৱ অধিকাৰ কৰ্মী ৰামেশ্বৰ শৰ্মা, শিক্ষাবিদ প্ৰেমধৰ শৰ্মা আৰু সাংবাদিক দিগন্ত শৰ্মাই বক্তব্য প্ৰদান কৰি পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীক সমৰ্থন জনায়।

Your Comments