নগাঁৱৰ পহুকটা চেঁ‌চামুখৰ পৰা সন্ধানহীন মহিলা

missing_nagaon

নগাঁও জিলাখনত বিভিন্ন নাৰীজনিত ঘটনাই সংবাদ মাধ্যমৰ লগতে সাধাৰণ জনতাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে নগাঁও চহৰৰ দাঁ‌তিকাষৰীয়া অঞ্চল পহুকটা চেঁ‌চামুখৰ পৰা এগৰাকী মহিলা সন্ধানহীন হৈ আছে। জানিব পৰা মতে, নগাঁও জিলাৰ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত পহুকটা চেঁ‌চামুখৰ প্ৰিয়ঙ্কা বৰা নামৰ মহিলাগৰাকী যোৱা ৭ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। নগাঁও জিলাৰে কন্দলিৰ মহিলাগৰাকী পহুকটা চেঁ‌চামুখৰ মুন বৰাৰ সৈতে তিনি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। 

এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে নগাঁ‌ও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাৰ আঁ‌ৰত মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ স্থিতি সন্দেহজনক বুলি আৰক্ষীক দিয়া এজাহাৰত উল্লেখ আছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আছে যদিও বৰ্তমানেও মহিলাগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

Your Comments