শিক্ষক লৱকান্ত শৰ্ম্মালৈ সমাজ সংগঠক-শিক্ষক বঁটা

teacher_babagiya

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক তথা সাহিত্য সংগঠক, সমাজকৰ্মী লৱকান্ত শৰ্ম্মালৈ প্ৰয়াত জোনাৰাম হাজৰিকা-ধৰণীকান্ত বৰা সোঁৱৰণি ন্যাসৰ "সমাজ সংগঠক-শিক্ষক বঁটা" আগৱঢ়োৱা হৈছে। ন্যাসৰক্ষীসকলে জনোৱা মতে অহা ২৬ আগষ্টত প্ৰথম বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব । বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হ'ব বেবেজীয়াত ।

শৰ্ম্মাই "বোধিদ্ৰুম", "লগন", "দক্ষিণপাট অঞ্চলৰ ৰূপৰেখা" আদি বহুকেইখন গ্ৰন্থৰ সম্পাদনা কৰিছে । নগাঁও জিলা মধ্যমিক শিক্ষা-কৰ্মচাৰী সন্থাৰ সম্পাদকৰ উপৰি বহুকেইটা অনুষ্ঠানৰ সৈতে শৰ্মা জড়িত। কৃতি শিক্ষক গৰাকীয়ে এই বঁটা লাভ কৰা বাবে প্ৰেছ ক্লাৱ বেবেজীয়া, মনছুন কলা পৰিষদ দক্ষিণপাট শাখা সাহিত্য সভা, দক্ষিণপাট উচ্ছতৰ মাধ্যমিক বিদ্যালয়, অসম নাট্য সন্মিলন বেবেজীয়া শাখা, কৃষ্ণাইখাত দিব্যজ্যোতি পুথিভঁৰাল আদি অনুষ্ঠান প্ৰতিষ্ঠানে আদৰণি জনাইছে । 

Your Comments