গহপুৰ ৰে'লৱে' ষ্টেচনত অৰুণাচলী সুৰা জব্দ 

daru_gahpur_assam

উত্তৰ অসমত অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা। উত্তৰ-পূব সীমান্ত ৰে'লৱে'ৰ অধীনৰ একাংশ ৰে'ল ষ্টেচন হৈ পৰিছে অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ কৰিড’ৰ। অসম আৰক্ষী আৰু জি আৰ পিয়ে আবকাৰী বিভাগৰ সহযোগত গহপুৰ, ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি, হাৰমতি আদি ষ্টেচনত মাজে-সময়ে অভিযান চলাই কাৰ্টনে কাৰ্টনে অবৈধ অৰুণাচলী সুৰা জব্দ কৰে যদিও বন্ধ হোৱা নাই এই বেহা।

উল্লেখ্য যে, আৰ পি এফৰ সমুখৰেই একাংশ লোকে হাৰমতি, ডুবিয়া, গহপুৰ, বেদেতি, হেলেম, ব্ৰহ্মাজান আদি ষ্টেচনৰ পৰা বস্তাই বস্তাই ৰে'লযোগে অৰুণাচলী সুৰা সৰবৰাহ কৰি আহিছে। অসম-অৰুণাচল সীমান্তৰ ৰাজগড়, বালিজান, বান্দৰদেৱা আদিৰপৰা সস্তীয়া বৰবিহ সদৃশ অৰুণাচলী সুৰা ক্ৰয় কৰি বিশ্বনাথ চাৰিআলি, বালিপাৰা, ৰঙাপাৰা, তেজপুৰ, ওদালগুৰি, মাজবাট, ৰঙিয়া আদি ঠাইলৈ পঠোৱা হয়।

গহপুৰ ৰে'লৱে' ষ্টেচনৰ পৰা মুৰ্কংচেলেক-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে'লত এইদৰে অবৈধ অৰুণাচলী সুৰা নিবলৈ ষ্টেচনৰ প্লেটফৰ্মত থৈ দিয়া অৱস্থাত গহপুৰ আৰক্ষীৰ দল এটাই জি আৰ পিৰ সহযোগত জব্দ কৰে এই অৰুণাচলী সুৰাখিনি।

Your Comments