গুৰুতৰভাৱে অসুস্থ অখিলে পত্নীক সাক্ষাৎ কৰিবলৈয়ো কাৰাগাৰৰ বিছনাৰ পৰা উঠি আহিব নোৱাৰিলে

#Akhil Gogoi#

নিউজ ডেস্ক :

গুৰুতৰভাৱে অসুস্থ কৃষক নেতা অখিল গগৈক আজি কাৰাগাৰত সাক্ষাৎ কৰিবলৈ আহি আৱেগিক হৈ পৰিল পত্নী গিতাশ্ৰী তামুলী।যোৱা চাৰিদিন ধৰি বিছনাৰ পৰাই উঠিব নোৱৰা অখিল গগৈক সাক্ষাৎ কৰিবলৈ আজি দিনৰ ১.৪৫ বজাত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰিছিল পত্নী।প্ৰায় ৪৫মিনিট স্বামীৰ বাবে অপেক্ষা কৰাৰ পিছতো ৰোগীয়া স্বামী অখিলে লগ কৰিব নোৱাৰিলে পত্নী গিতাশ্ৰীক।Ak


ইফালে কাৰাগাৰৰ বাহিৰলৈ ওলাই আহি পত্নী গিতাশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয় "মই কি কম লগ ধৰিব আহিছিলোঁ হে, তেওঁ ওলাই আহিবই নোৱাৰিলে, গা বহুতেই বেয়া বুলি কৈছে"।

"শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেখা কৰিছিলোঁ তাৰ পিছৰ পৰাটো তেওঁক মই দেখাই নাই।আইনৰ মতে যি হয় তাকেই হ'ব মই এই সম্পৰ্কত একো নকওঁ বুলি আৱেগিক হৈ পত্নী গিতাশ্ৰীয়ে উপস্থিত সাংবাদিকৰ ওচৰত মত ব্যক্ত কৰে।

 

উল্লেখ যে পেটৰবিষ, জ্বৰ আৰু কঁকাল বিষত গুৰুতৰভাৱে আক্রান্ত হৈ যোৱা কেইবাদিনো ধৰি কাৰাগাৰৰ বিছনা পৰা উঠিব পৰা নাই কৃষক নেতা জন।

Your Comments