বিশ্বনাথত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এন  ডি এফ বি কেডাৰ

বিশ্বনাথত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এন  ডি এফ বি কেডাৰ

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উগ্ৰপন্থীবিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈছে উগ্ৰপন্থী ৷ সীমান্তবৰ্তী মইনাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এজন দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰ ৷ ধৃত কেডাৰজনৰ নাম আকাশ ৰামচিয়াৰী ওৰফে বুইঠি ৷

ধৃত কেডাৰজনৰ পৰা উদ্ধাৰ হৈছে এটা চাইনিজ গ্ৰেনেড ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত আকাশ এন ডি এফ বিৰ তৃতীয় বেটেলিয়ানৰ কেডাৰ ৷

বিশ্বনাথ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে কেডাৰজনক ৷

Your Comments