দিল্লীলৈ ওভতি আহিছে শান্তি:মৃতকৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি

Pic

হিংসাজৰ্জৰ উত্তৰ-পূব দিল্লীলৈ ক্ৰমশঃ শান্তি ওভতি আহিছে।বুধবাৰে উত্তৰ-পূব দিল্লীত তেনে কোনো গুৰুতৰ হিংসাত্মক ঘটনা সংঘটিত নহ'ল।কিন্তু,হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে।চিকিৎসাধীন হৈ থকা ৭ জন লোকৰ মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা বৃদ্ধি পায়।হিংসাত্মক ঘটনা প্ৰৱাহত আহত হয় ৫০ গৰাকী আৰক্ষীৰ লোককে ধৰি প্ৰায় ২০০ গৰাকী ব্যক্তি।উল্লেখযোগ্য যে উত্তৰ-পূব দিল্লীৰ চান্দবাগ,ভজনপুৰা,গকুলপুৰী আদি এলেকাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।দিল্লীলৈ শান্তি ওভতাই অনাৰ ক্ষেত্ৰত নেতৃত্ব লৈছে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে।

Your Comments