দলগাঁৱত বিদ্যালয়ৰ প্ৰমাণ-পত্ৰৰ নামত প্রধান শিক্ষকৰ ধনদাবী

দলগাঁৱত বিদ্যালয়ৰ প্ৰমাণ-পত্ৰৰ নামত প্রধান শিক্ষকৰ ধনদাবী


দৰং জিলাৰ দলগাঁও শিয়ালমাৰী প্রাথমিক শিক্ষা খণ্ডৰ অধীনৰ ৭৯৩নং বাঘৰবাৰী প্রাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়ৰ প্রতিখন প্রমাণ-পত্রৰ বাবদ ২০০ৰ পৰা ৫০০ টকা অবৈধভাৱে সংগ্রহ কৰা বুলি এক ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে বিদ্যালয়ৰ প্রধান শিক্ষক নুৰুল ইছলামৰ বিৰুদ্ধে ।

ইতিমধ্যে ৰাইজে প্রধান শিক্ষকৰ বিৰুদ্ধে দলগাঁও শিয়ালমাৰী প্রাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়ত যোৱা ২০ আগষ্টত এক অভিযোগ দাখিল কৰে । অভিযোগ-পত্রত উল্লেখ কৰা মতে, প্রধান শিক্ষক নুৰুল ইছলামে চৰকাৰী নিয়ম-নীতি উলংঘা কৰি ৰাইজৰ পৰা প্ৰমাণ-পত্ৰৰ বাবদ ২০০-৫০০ টকা পৰ্যন্ত দাবী কৰি কিছুসংখ্যক লোকৰ পৰা আদায়ো কৰিছে ।

ৰাইজৰ উক্ত অভিযোগৰ ভিত্তিত দলগাঁও শিয়ালমাৰীৰ প্রাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ বিদ্যালয় পৰিদৰ্শক হেমন্ত গোস্বামী, চি আৰ চি চি মোজাফৰ হুছেইনে শুকুৰবাৰে বিদ্যালয়ত উপস্থিত হৈ ৰাইজৰ পৰা সাক্ষ্য গ্রহণ কৰে ।

উল্লেখ্য যে এন আৰ চিৰ কামত নিয়োজিত হোৱাৰ কাৰণে বিদ্যালয়ৰ প্রধান শিক্ষকগৰাকী আজি বিদ্যালয়ত অনুপস্থিত থাকে । এই সন্দৰ্ভত সাংবাদিকে প্রধান শিক্ষকৰ সৈতে মোবাইল ফোনত যোগাযোগ কৰাত তেওঁ ৰাইজে মনে সজা অভিযোগ উত্থাপন কৰা বুলি প্রকাশ কৰে |

বিদ্যালয় পৰিদৰ্শকগৰাকীৰ মতামত জানিব বিচৰাত অৱশ্যে তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে | এই সন্দৰ্ভত কোন সঁচা, কোন মিছা সেয়া তদন্তত সম্পূৰ্ণৰূপে ওলাই পৰিব বুলি ৰাইজে মত প্রকাশ কৰে ।

Your Comments