'আছু'ৰ অভিভাৱক অসমৰ ৰাইজ,মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডে নহয়-ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Pic

"মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেই কৰা অভিযোগ টুলুঙা আৰু দায়িত্ব জ্ঞানহীন।"এনে মন্তব্য নকৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা  ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সকীয়নী প্ৰদান কৰি কয়-"প্ৰথম কেব আৰু বৰ্তমান 'কা'ৰ  বিৰুদ্ধে আন্দোলন প্ৰথম অসম আৰু উত্তৰ-পূৰ্বাঞ্চলতে হৈছিল।পিচলৈ দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰণ ঘটিল।"

"অসমৰ ৰাইজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাইজে অহিংস-শৃংখলাবদ্ধভাৱে সংগ্রাম অব্যাহত ৰাখিছে।'কেব' যেতিয়া 'কা'লৈ পৰিৱৰ্তন হ'ল সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনতো শৃংখলাবদ্ধ আৰু অহিংসভাৱে আগবঢ়াই নিয়া লক্ষ্য  আগত ৰাখি সাত দিনৰ বাবে সন্ধিয়া পাঁচ বজাৰ পৰা আন্দোলনটো সাময়িকভাৱে স্থগিত ৰাখিছিলো।অসমৰ ৰাইজে তাক আদৰি লৈছিল।তাৰ পিছৰে পৰা ৰাইজৰ অভিভাৱকত্বত সমগ্ৰ ৰাজ্যতে সকলো সময়তে খেল শপথাৰ-ৰাজপথ সকলোতে নিৰবিছিন্নভাৱে আন্দোলন চলি আছে আৰু চলি থাকিব"-ভট্টাচাৰ্যই কয়।

অসমৰ আন্দোলনটো সম্পৰ্কত তেওঁলোক দুয়োগৰাকীয়ে ইমান মিছা কথা ক'ব বুলি ৰাইজে কেতিয়াও ভবা নাছিল বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয়- "ফুলকুমলীয়া ছাত্ৰকে ধৰি মুঠ ছয়গৰাকী আন্দোলনত শ্বহীদ হ'ল।এনে টুলুঙা মন্তব্যৰে শ্বহীদ-শ্বহীদৰ পৰিয়াল আৰু আন্দোলনকাৰী অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনতাক চূড়ান্তভাৱে অপমান কৰিছে।"লগতে আছু সন্দৰ্ভত অসন্মানসূচক মন্তব্য দিয়াৰ পৰা দুয়োগৰাকী নেতাকে কঠোৰভাৱে সকীযাই দিয়া বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয়-"ছাত্ৰ সন্থাৰ অভিভাৱক অসমৰ ৰাইজ।তেওঁলোক অভিভাৱক নহয় আৰু হ'বও নোৱাৰে।অসমৰ ৰাইজৰ অভিভাৱকত্বত আছুৱে 'কা'ৰ বিৰুদ্ধে আন্দোলন সমগ্ৰ অসমত দৃঢ়তাৰে, নিৰৱিছিন্নভাৱে চলাই নিব।"

Your Comments