সৰ্বানন্দ সোণোৱাল,ডঃ হিমন্ত বিশ্ব শৰ্মা,আমিনুল ইছলামক ক্ষুৰধাৰ সমালোচনা তৰুণ গগৈৰ

Pic

শিৱসাগৰৰ প্ৰতিবেদক: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ আৱৰ্ত ভৱনত বৃহস্পতিবাৰে এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ডঃ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল,এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক ক্ষুৰধাৰ সমালোচনা কৰে। দিল্লীৰ 'আপ'ৰ চৰকাৰক আদৰণি জনোৱাৰ লগতে এয়া গণতন্ত্ৰৰ জয় বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উচটনিত আমিনুল ইছলামে আহোম জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰিছে বুলি কয় তৰুণ গগৈয়ে। ইয়াৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও গগৈ উপাধিক লৈ তুচ্ছ-তাচিল্য কৰিছিল বুলি মন্তব্য কৰে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অভিনয়ত পাকৈত বুলি কোৱাৰ লগতে ৰীমা দাসৰ পৰিৱৰ্তে সৰ্বা-হিমন্তক অস্কাৰলৈ পঠাব লাগিছিল বুলি মন্তব্য কৰে। প্ৰিয়ংকা চোপ্ৰাৰ সন্দৰ্ভত তেওঁ কয়, প্ৰিয়ংকা চোপ্ৰাৰ লগত তেওঁলোকে ছেলফি উঠিল,কিন্তু অসমৰ পৰ্যটনৰ কোনো উন্নয়ন নহ'ল। বড়ো শান্তি চুক্তি সন্দৰ্ভত তেওঁ কয়, বড়ো শান্তি চুক্তি আমাৰ দিনতে হৈছিল,বিজেপিয়ে এতিয়া শান্তি চুক্তিৰ নামত লিপিষ্টিকহে লগাইছে। নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰে দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিছে বুলি মন্তব্য কৰে। অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী কৰে তৰুণ গগৈয়ে। অগপ সন্দৰ্ভত তেওঁ কয়, এজিপিয়ে বিদেশী খেদিবলৈ আন্দোলন কৰি ক্ষমতাত বহিছিল আৰু এতিয়া মন্ত্ৰীত্বৰ লোভত বিজেপিৰ লগ হৈ 'কা' সমৰ্থন কৰি বিদেশী আনিবলৈ উঠি পৰি লাগিছে।এজিপি-বিজেপিয়ে অসমত ল'ৰা ৰজাৰ শাসন কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হৈ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Your Comments