মহাৰজত জয়ন্তী উপলক্ষে নগাঁও কলেজৰ মূল দ্বাৰ উদ্বোধন 

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে কলেজৰ শিক্ষক সকলৰ পুঁজিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা মূল দ্বাৰ মঙলবাৰে স্থানীয় বিধায়ক তথা মহাৰজত জয়ন্তীৰ সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি ৰূপক শৰ্মা, ১৪ গৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক - অধ্যাপিকা, অধ্যক্ষ ড০ শৰৎ বৰকটকী, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদে সমূহীয়াকৈ উদ্বোধন কৰে। নগাঁও কলেজৰ শিক্ষক সংস্থাৰ সভাপতি ড০ ৰঞ্জন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত আৰু সংস্থাৰ সম্পাদক শৈলেন শৰ্মাই আঁত ধৰা দ্বাৰ উদ্বোধনৰ মুকলি সভাত বিধায়ক তথা মহাৰজত জয়ন্তী সমিতিৰ সভাপতি ৰূপক শৰ্মাই শিক্ষক সকলৰ দানেৰে নিৰ্মাণ কৰা নগাঁও কলেজৰ দ্বাৰখনৰ সৌন্দৰ্য্য আৰু নিৰ্মাণ কৌশলক প্ৰশংসা কৰে। কলেজখনৰ প্ৰাক্তন ছাত্ৰ হিচাপে বিধায়ক শৰ্মাই গৌৰৱ বোধ কৰে বুলি কয় আৰু শিক্ষক সকলক শ্ৰদ্ধা নিবেদন কৰে। আদৰণি ভাষণত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে কলেজখনৰ গৌৰৱোজ্জ্বল অতীতক সোঁৱৰণ কৰে আৰু এখন কলেজৰ দ্বাৰ বা তোৰণে কলেজ এখনৰ গৰিমা বৃদ্ধি কৰে বুলি কয়। অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে কলেজৰ শিক্ষক সকলৰ বদন্যতাক আদৰণি জনায়। উক্ত সভাখনত অৱসৰপ্ৰাপ্ত অধ্যাপক কামাখ্যা প্ৰসাদ চৌধুৰী, গুণ শইকীয়া,  ড০ মাণিক কৰ, ড০ গিৰিকান্ত গোস্বামী, ড০ তোষেশ্বৰ নাথ, আইনুল হক, স্বৰ্ণ শইকীয়া, ড: দিলীপ শৰ্মা, চিৰাজুল আলম, হলিৰাম হাজৰিকা, ড০ চমিৰুদ্দীন আহমেদকে ধৰি বহু কেইজন অৱসৰপ্ৰাপ্ত অধ্যাপকে অংশ গ্ৰহণ কৰে আৰু কলেজখনৰ উত্তৰোত্তৰ কামনা কৰে। সভাখনত কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, অধ্যাপক নৱ কুমাৰ মহন্ত, ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰ, ধ্ৰুৱ বৰুৱা আৰু ড০ সঞ্জয় দেই ভাষণ প্ৰদান কৰে।


 

Your Comments