সোণাৰিত আলফাৰ লিংকমেন আটক

Pic

সোণাৰিৰ পৰা ঘন বৰা:

সোণাৰিত আলফাৰ লিংকমেন আটক।সেনাই আটক কৰা আলফা লিংকমেনজন চৰাইদেউ দিচাংপানীৰ নিজখালৈঘুগুৰাৰ বলীন বৰুৱা(৩৫)।ইফালে,সেনাই ধৃত বলীন বৰুৱা যোৱা ২৬ জানুৱাৰীত সোণাৰিৰ টিয়কঘাটত সংঘটিত বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ দাবী কৰিছে।সম্প্ৰতি সেনাই ধৃত লিংকমেনজনক সোণাৰি আৰক্ষীক চমজাই দিছে।লিংকমেনজনৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু তিনি ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিছে অভিযানকাৰী সেনাৰ দলে।

Your Comments