বকোৰ মালাঙত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ বিশাল সজাগতা সভা

বকোৰ মালাঙত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ বিশাল সজাগতা সভা

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰুপ জিলাৰ বকোস্থিত কাৰ্যালয়ৰ মহকুমা জনস্বাস্থ্য কাৰিকৰী বিষয়া বাবুল বড়োৰ  উদ্যোগত ৰাজ্যত চলি থকা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ জিলা পৰ্যায়ৰ সজাগতা সভাখন আজি কামৰুপ জিলাৰ বকোৰ মালাঙত অনুষ্ঠিত হয় ৷

বকো ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ মালাং শালবাৰী এল পি স্কুলৰ খেলপথাৰত বিশাল আয়োজনেৰে আৰম্ভ হোৱা সজাগতা সভাৰ পূৰ্বে কামৰুপ জিলাৰ উপায়ুক্ত কমল বৈশ্য, জিলাৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ উজীৰ, বকো বিধানসভা সমষ্টিৰ বিধায়িকা

নন্দিতা দাস, জিলা উন্নয়ন বিষয়া ইস্তাৰ কাথাৰ, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পিংকী দত্ত, সংলগ্ন চক্ৰ বিষয়া অদিতি গগৈ আদিৰ লগতে বহুকেইগৰাকী বিষয়া-আমোলাই হাতে হাতে ঝাৰু লৈ হোওহোৱাপাৰাত থকা জলপ্ৰপাতৰ এলেকা চাফ কৰে ৷

লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোওহোৱা জলপ্ৰপাতক বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰিবলগা আন্ত:গাঁথনি উন্নয়নৰ ওপৰত আলোচনা কৰা হয় ৷

এই ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু বিধায়িকাই আঁচনি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰ পাছতে বিশাল জনসমাগমৰ উপস্থিতিত অনুষ্ঠিত হয় স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণৰ সজাগতা সভা ৷ 'স্বচ্ছতাই আনে পবিত্ৰতা' শীৰ্ষক সজাগতা সভাত পৌৰোহিত্য কৰে মালাং এলেকাৰ সমাজকৰ্মী গোৱৰ্ধন ৰাভাই ৷ 

Your Comments