শুদ্ধ তথ্য উপস্হাপনত ব্যৰ্থতাৰ বাবে বিশ্ব ঐতিহ্যৰ পৰা বঞ্চিত মাজুলী

শুদ্ধ তথ্য উপস্হাপনত ব্যৰ্থতাৰ বাবে বিশ্ব ঐতিহ্যৰ পৰা বঞ্চিত মাজুলী

শুদ্ধ তথ্য উপস্হাপনত ব্যৰ্থ হৈছে অসম তথা ভাৰত চৰকাৰ । যাৰফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত মাজুলী বাৰম্বাৰ বঞ্চিত হৈ আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ।

জেংৰাইমুখ মহাবিদ্যালয় এন এনৰ উদ্যোগত পৰিৱেশ সজাগতামূলক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত এই গুৰুত্বপূর্ণ কথা উথাপন কৰাৰ লগতে মাজুলীৰ কেৱল কাঠঘৰটোক লৈ আঁচনি প্ৰস্তত কৰে বুলি অভিযোগ কৰে ।

অৰণ্য মানৱ পায়েঙে চৰ-চাপৰিসমূহক লৈহে মাজুলী বুলি কয় । এই ক্ষেত্রত মাজুলীৰ আয়তন কোনো কাৰণতে কমি যোৱা নাই বৰঞ্চ চৰ-চাপৰি বাঢ়ি গৈছে । এনে পৰিপ্রেক্ষিতত ভূতত্ব বিভাগৰ পৰা শুদ্ধ তথ্য আহৰণ কৰি ইউনেস্ক'ত শুদ্ধ তথ্যৰে মাজুলীক বিশ্ব ঐতিহ্য সন্দৰ্ভত উপস্হাপন কৰিবলৈ ৰাজ্য তথা কেন্দ্রীয় চৰকাৰক দাবী জনায় ।

ইতিপূর্বে তেওঁ পেৰিচৰ ইউৰোপ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰাক্তন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ লগতো প্ৰাথমিক আলোচনা কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী সময়তো মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে পুনৰ আলোচনাত অংশগ্ৰহণ কৰিব বুলি দোহাৰে ।

মাজুলীৰ বান-গড়াখহনীয়া সমস্যা সমাধা কৰিবলৈ হ'লে নাৰিকল গছৰ প্ৰকল্প নদীৰ কাষে কাষে ৰুই প্ৰাকৃতিকভাৱে মাজুলীক সুৰক্ষা প্ৰদান কৰা আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ বাবে পৰিৱেশ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ দাবী জনাইছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ।

জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱকুমাৰ পেগুৱে সঞ্চালনা কৰা পৰিৱেশ সজাগতা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ৰমে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্রাপ্ত স্বাস্থ্য সঞ্চালক তথা জেংৰাইমুখ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ বিশ্বেশ্বৰ পেগু, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত বৰা, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ নন্দনাথ দলে, জেংৰাইমুখ ছেণ্টপল স্কুলৰ ফাদাৰ জয় পানিকুনেল আদি উপস্হিত থাকে ।

Your Comments