প্ৰতিষেধক নোলোৱাৰ বাবে সাপেখাতীত ছাত্ৰক প্ৰহাৰ প্ৰধান শিক্ষয়িত্ৰী-অভিভাৱকৰ

student

চৰাইদেউ জিলাৰ সাপেখাতী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ ৯৮২নং ফুকন পথাৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰই সৰুআই আৰু ৰুবেলা প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা বাবেই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীসহ এজন ব্যক্তিয়ে বিদ্যালয়ৰ ভিতৰত সুমুৱাই মাটিত বগৰাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা এক ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চৰকাৰে বিদ্যালয়সমূহত সৰুআই আৰু ৰুবেলা প্ৰতিষেধক প্ৰদান কৰিবলৈ আহোঁতে বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মহম্মদ চাইদুলে প্ৰতিষেধক ল'বলৈ ভয় কৰি ঘৰলৈ গুচি যায় । পাছত পুনৰ বিদ্যালয়ৰে এজন অভিভাৱক তথা স্থানীয় ব্যক্তি ৰাতুল বড়াই ছাত্ৰজনক ৰাস্তাৰ পৰা মাৰপিট কৰি আনি বিদ্যালয়ৰ কোঠাৰ ভিতৰত সুমুৱাই মাটিত বগৰাই গুৰুলা-গুৰুলকৈ মাৰপিট কৰে ।

student

আনকি ৰাতুল বড়াই কণমানি ছাত্ৰজনক মুখত ঘুচিয়াই চকুৰ তলত গুৰুতৰভাৱে আঘাত কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সীমা বৰগোহাঁইয়েও জেওৰাৰ খুঁটিৰে প্ৰহাৰ কৰে ছাত্ৰজনক ।

আনহাতে, বৃহস্পতিবাৰে ছাত্ৰজনক প্ৰহাৰ কৰাৰ পাছতো আজিপৰ্যন্ত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ পৰিয়ালত কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে আঘাতপ্ৰাপ্ত ছাত্ৰজনক দেউতাকে সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনাৰ পাচতহে উক্ত ঘটনাটো পোহৰলৈ  আহে।

দেউতাকে নিজ পুত্ৰক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰোৱাই যদিও চকুত আঘাত পোৱাৰ সন্দেহত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ছাত্ৰজনৰ অভিভাৱক মহৰম আলীয়ে বৃহস্পতিবাৰে নিশাই সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰি শুকুৰবাৰে সাপেখাতী খণ্ড শিক্ষা বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে ।

Your Comments