চিন্তাৰ আঁক-বাঁক:'জানুৱাৰী ২০২০'

Pic

#বিমল বৰা#

নতুন শুভেচ্ছাবোৰ এইবাৰ কা-কা কৈ আহিল।সেমেকা বনভোজস্থলী আৰু গালি-গালাজ চলি থকাৰ মাজতে বছৰৰ প্ৰথমজাক বৰষুণত কলিতা টেণ্ট হাউচৰ পৰা অনা তিৰ্‌পালৰ ফুটাৰে সৰকা পানীৰ টোপালবোৰ হেয়াৰ ড্ৰায়াৰেৰে শুকুৱালো।মোবাইলৰ পোহৰৰ 'তাপ'ৰ প্ৰয়োজন হোৱা খবৰটোও পাই গ'লো। আমাৰ আমোলাসকলে খৰিয়াল কৰি থকাৰ মাজতে সৰু ছোৱালী এজনীয়ে মুখ্যমন্ত্ৰীক গালি পৰাক লৈ কিছু গৰম বতাহ গ'ল।বিধানসভাৰ বৈঠক আৰু মাঘৰ বিহু একেলগে আহিল।মাঘৰ বিহুতে দিয়া ৰঙালী আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাবোৰ বস্তা এটাত ভৰাই জুইত জাপি দিলো।ৰাইজৰ ডাঙৰ-সৰু কথাবোৰ ফেচবুক পোষ্টত পঢ়ি-পঢ়ি চাহ পিঠাৰ জুতিৰে ভোগালী সামৰিলো। ইফালে অসম চুক্তিখন নতুনকৈ আকৌ এবাৰ সকলোৱে বুজি ল'লো।নিৰ্ভয়া কাণ্ডৰ দোষীকেইটাক লৈ অলপ কিছু মত অভিমত বিনিময়েৰে নিজা নিজা জ্ঞানৰ ভাণ্ডাৰ ৰাজহুৱা কৰিলো।এইখিনিতে অসমীয়া খাদ্য,বিশেষকৈ পিঠাৰে সমৃদ্ধ 'ভুৰুকা'ৰ সন্ধান পালো।নতুন 'ৰাজনৈতিক প্ৰডাক্ত' আহিব বুলি শুনি থকা বাতৰিটোৱে যেন 'কা' আন্দোলন তল পেলাইছে বুলি অহা বাতৰিটো ইখন কাণেৰে সোমাই সিখন কাণেৰে সোঁ-সোঁৱাই পাৰ হৈ গ'ল।মাজতে ইবন-ঈশানকো হেৰুৱালো। একেটি দুৰ্ঘটনাৰ মুঠ পাঁচটা কৰুণ কাহিনী শুনিব পৰাৰ সাহস থকাৰ বাবে নিজকে তবধ মানিলো।সপ্তাহ শেষ ন'হলেই আমি আকৌ নিজা গুণাগঠা যেনে-ভক্তবৃন্দই 'কাক ভোট দিব' বুলি সোধা ব্যক্তিগত প্ৰশ্নৰ ৰাজহুৱা উত্তৰ দিয়াত ব্যস্ত হৈ গ'লো। বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱা খবৰটো ভাল নে বেয়া, তাৰ পৰা 'মই কি পাম' হিচাপটো কৰি আছিলো।মাজতে ছেজল শৰ্মা ৰেষ্ট-ইন-পিছ্‌(RIP) বুলি ফেচবুকত লিখি অলপ লাইক্‌-কমেণ্ট উপাৰ্জন কৰিলো। লিখনিৰে দেৱী সৰস্বতীক উপস্থাপন কৰিব পৰা শশী শৰ্মা ছাৰৰ চিৰবিদায়ৰ খবৰটোও এই সুন্দৰী নে শিক্ষা বিশেষ পূজাটোতে পাব লাগেনে!

Your Comments