মুখ্য মন্ত্ৰীৰ গৃহ জিলাৰ পৰাই নিৰ্বাচনী ৰণশিঙা বজাব কংগ্ৰেছে

 মুখ্য মন্ত্ৰীৰ গৃহ জিলাৰ পৰাই নিৰ্বাচনী ৰণশিঙা বজাব কংগ্ৰেছে

মুখ্য মন্ত্ৰীৰ গৃহ জিলাৰ পৰাই আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনলৈ ৰণশিঙা বজাব কংগ্ৰেছে । ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পাছত প্ৰথমবাৰৰ বাবে বৃহৎ সাংগঠনিক সভা অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত ।

সভালৈ আহিব নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱাতকে ধৰি কংগ্ৰেছৰ বহু ৰথী-মহাৰথী । নিখিল ভাৰত কংগ্ৰেছৰ নিৰ্দেশত এ পি চি চিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিশেষ তত্ত্বাৱধানত ২৯ আগষ্টত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া সভাখনে বিশেষ গুৰুত্ব লাভ কৰাৰ লগতে ৰাজনৈতিক মহলত সৰৱ চৰ্চা হৈছে ।

ৰাজ্যত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী আৰু টিকটৰ দাবীদাৰৰ নাম চৰ্চিত হোৱাৰ পাছত স্বাভাৱিকতেই বিশেষ গুৰুত্ব বহন কৰিছে এই সভাখনে । জানিব পৰামতে, প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে হাই কমাণ্ডৰ নিৰ্দেশত সমষ্টিত সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লগতে আঁতৰি থাকিব লাগিব দলীয় বিসম্বাদৰ পৰাও ।

কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে আন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কৰিব নোৱাৰিব মন্তব্য । ৰাজ্যত কংগ্ৰেছৰ মাজত সমষ্টিয়ে সমষ্টিয়ে লবীকেন্দ্ৰিক আৰু বিসম্বাদৰ ৰাজনীতি চলি থকাত এইদৰে কঠোৰ হৈছে কংগ্ৰেছৰ হাই কমাণ্ড ।

লক্ষণীয় যে ডিব্ৰুগড়ত বিসম্বাদৰ হোতা পৱন সিং ঘাটোৱাৰৰ পৰা আৰম্ভ হৈছে লবীকেন্দ্ৰিক ৰাজনীতিৰ । বিগত কেইবাটাও কাৰ্যকালৰ সাংসদ ঘাটোৱাৰৰ বিপৰীতে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ আৰু প্ৰাক্তন বনমন্ত্ৰী এটোৱা মুণ্ডাই প্ৰাৰ্থিত্ব বিচৰাত পৃথকে পৃথকে উত্তপ্ত হৈ উঠিছে লবীকেন্দ্ৰিক ৰাজনীতি ।

কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা হৰিশ ৰাৱাতে অহা ২৮ আগষ্টত তিনিচুকীয়াৰ দিৰিয়াল চাহ বাগিচালৈ গৈ 
শ্ৰমিকৰ সৈতে মত বিনিময় কৰি শ্ৰমিকৰ সমস্যাৰ লগতে ৰাজনৈতিক দিশ সন্দৰ্ভত আলোচনা কৰিব ।

আনহাতে, ২৯ আগষ্টত ডিব্ৰুগড়ৰ গণেশবাৰী চাহ বাগিচাত সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈকে শ্ৰমিকৰ সতে এক মতামত অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

Your Comments