ছিপাঝাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি

ছিপাঝাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি

দৰঙৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ছিপাঝাৰ মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখা মুকলি কৰিলে অসম চৰকাৰৰ শিক্ষা তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

ছিপাঝাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি

বৃহস্পতিবাৰে অনুষ্ঠিত এক ৰাজহুৱা উদ্বোধনী অনুষ্ঠানত শিক্ষা মন্ত্ৰীগৰাকীয়ে বিজ্ঞান শাখাৰ ভৱনটো ছাত্ৰ-ছাত্ৰীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে ।

ছিপাঝাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি

মহাবিদ্যালয়খনৰ জ্যেষ্ঠ প্ৰবক্তা ডঃ প্ৰসন্ন নাথে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ ডেকা আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া ডঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু ভদ্ৰেশ্বৰ নাথ ।

ছিপাঝাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি

প্ৰায় দহ শতাধিক আঞ্চলিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনত শিক্ষামন্ত্ৰীয়ে শীঘ্ৰেই মহাবিদ্যালয়খনত  ছাত্ৰাবাসৰ  ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে ।

Your Comments