গহপুৰত ভূজিয়াৰ পেকেটত ওলাল পোক

গহপুৰত ভূজিয়াৰ পেকেটত ওলাল পোক

ভুজিয়াৰ পেকেটত ওলাল পোক ৷ ঘটনাৰ বিৱৰণী মতে, গহপুৰ মহকুমাৰ ডুবিয়া পঞ্চায়তৰ নিবাসী নিতু বৰাই বুধবাৰে সন্ধিয়া দোকানৰ পৰা ৪৫ টকা মূল‍্যৰ এটা বিকানেৰী ভূজিয়াৰ পেকেট কিনি আনে ।

আজি পুৱা ব্যক্তিগৰাকীয়ে চাহৰ লগত খাবৰ বাবে ভূজিয়াৰ পেকেটটো খুলি প্ৰত্যক্ষ কৰে কিছুমান জীৱন্ত পোক আৰু মৰা পেলুজাতীয় পোক । ছীল পেকেটত থকা ভূজিয়াত পোক দেখি তেওঁ আশ্চৰ্যচকিত হয় ৷

গহপুৰত ভূজিয়াৰ পেকেটত ওলাল পোক

নিতু বৰাই ততালিকে পেকেটৰ ম্যাদ আৰু বৈধতা প্ৰত্যক্ষ কৰি দেখে যে যোৱা ২৮ জুন, ২০১৮ তাৰিখে তৈয়াৰী আৰু ২৭ ডিচেম্বৰ, ২০১৮লৈকে ইয়াৰ ম‍্যাদ আছে । কিন্তু ম‍্যাদ থকা সত্ত্বেও এনেকুৱা ধৰণৰ পোক ওলোৱা ঘটনাটোৱে অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

খাদ্যৰ নামত বহিৰাগত কোম্পানীসমূহে অসমৰ ৰাইজক বৰবিহ খুৱাই আছে বুলি ৰাইজে মন্তব্য কৰে । এনে ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে উচিত তদন্ত আৰু পৰীক্ষামূলক ব‍্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও ৰাইজে প্ৰকাশ কৰে ।
 

Your Comments