নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা

নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ কৰ্মবিৰতি ঘোষণা

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত এ আই টি ইউ চিৰ অসম ৰাজ্যিক সমিতিয়ে তেওঁলোকৰ বিভিন্ন অভিযোগ দাঙি ধৰে ।

আনহাতে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মৌনতা তথা জি ভি কে ই এম আৰ আই প্ৰতিষ্ঠানৰ নিৰ্যাতন আৰু বঞ্চনাৰ বিৰুদ্ধে ১০৮, ১০২ আৰু ই আৰ অ' কৰ্মচাৰীসকলৰ অহা ৫ ছেপ্টেম্বৰৰ পৰা কৰ্মবিৰতি পালন কৰাৰ কথাও সংবাদমেলত প্ৰকাশ কৰে ।

তেওঁলোকে জনায় যে বিগত ৪-৫ বছৰে অসম চৰকাৰৰ মুখ্য মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে সমস্যাসমূহৰ ওপৰত কেৱল ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ।

তেওঁলোকৰ মতে, জি ভি কে আ এম আৰ আই প্ৰতিষ্ঠানটোৱে এজন শ্ৰমিকৰ কৰ্মঘণ্টা ৮ ঘণ্টা কৰাৰ বিপৰীতে ১২ ঘণ্টাকৈ কাম কৰোৱাই শ্ৰম আইন ভংগ কৰি অহাৰ লগতে উচিত কামৰ উচিত মূল্য প্ৰদান কৰাৰ ক্ষেত্ৰতো কৰ্মচাৰীসকলক বঞ্চিত কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে ৷

সংবাদমেলখনত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিয়ে আন কিছুমান দাবীও উত্থাপন কৰে । অসমৰ মুখ্য মন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ১০৮, ১০২ আৰু ই আৰ অ' কৰ্মচাৰীসকলৰ দাবীসমূহ মানি ল'বলৈ দলটোৱে আহ্বান জনায় ৷

লগতে কৰ্মবিৰতিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা জগৰীয়া নহ'ব বুলিও সংবাদমেলখনৰ যোগেদি তেওঁলোকে জানিবলৈ দিয়ে ।

Your Comments