সৰুক্ষেত্ৰীত দুৰ্ঘটনাত মৃত্যু হোৱা যুৱককলৈ চেঙাত উত্তেজনা

accident

চেঙাৰ পৰা সুৰজিৎ পাঠক,,২৩ আগষ্ট:এজন যুৱকৰ মৃত্যুক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত হাঁহচৰা  গাঁৱত ।ঘটনাৰ বিৱৰণী মতে ঈদৰ দিনা আবেলি সৰ্থেবাৰীৰ গহিয়াৰ ওচৰত এক  বাইক দুৰ্ঘটনাত এজন যুৱক নিহত হয় ।নিহত যুৱকজন জুলহাজ আলী (২৫) । ঘৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ হাঁহচৰাত।সম্প্ৰতি জুলহাজ আলীক দুৰ্বৃত্তই  হত্যা কৰাৰ অভিযোগ তুলিছে  স্থানীয় ৰাইজে ।আজি জুলহাজ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত নিজগৃহলৈ লৈ অহাৰ পাছতে মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ লোকৰ সমাগম ঘটে আৰু পৰিস্থিতি কিছু উত্তেজনাময় হৈ পৰে ।

accident

মৃতদেহৰ মুখমণ্ডলত চোকা অস্ত্ৰৰ আঘাতৰ চিন থকা বুলি স্থানীয় লোকে দাবী উত্থাপন কৰি উচিত তদন্তেৰে শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।একেই দাবী উত্থাপন কৰি মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনে মৃতকৰ পৰিয়ালক ২০ লক্ষ টকাৰ ক্ষতিপূৰণ দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় ।

উল্লেখ্য যে জুলহাজ আলীয়ে কালি আবেলি তিনিমান বজাত চেঙা সমষ্টিৰ অন্তৰ্গত বাইসাত থকা ভনীয়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। জুলহাজ আলীৰ  দুৰ্ঘটনাত মৃত্যু নে দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে প্ৰকৃত কাৰণ  জানিব পৰা যাব ।বৰ্তমান উত্তপ্ত হাঁহচৰাত বৰপেটা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Your Comments