হোজাইত ছাত্ৰ নিৰুদ্দেশ

হোজাইত ছাত্ৰ নিৰুদ্দেশ

হোজাই জিলাৰ অন্তৰ্গত ৩ নং ডেৰাপথাৰ নাথগাওৰ নিবাসী নিৰনঞ্জন দেৱনাথ আৰু নিয়তি দেৱনাথৰ প্ৰথম পুত্ৰ প্ৰসনজিৎ দেৱনাথে (১৫)  যোৱা ২২ তাৰিখে হোজাই পানপাৰা গাঁৱৰ মোমায়েকৰ ঘৰলৈ গৈছিল এন আৰ চি সম্পৰ্কীয় কামত। উল্লেখযোগ্য যে প্ৰসনজিৎ দেৱনাথ এইবাৰ ডেৰাপথাৰ হাইস্কুলৰ দশম মান শ্ৰেনীৰ মেধাবী ছাত্ৰ।

কিন্তু দুঃখৰ বিষয় হোজাইৰ পৰা লংকালৈ ৰেলেৰে অহা প্ৰসনজিৎ দেৱনাথ বৰ্তমানলৈকে ঘৰ আহি নোপোৱাত ঘৰখনত এক উদ্বিগ্নতাই বিৰাজ কৰিছে। ছাত্র জনৰ পৰিয়ালৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে  কাতৰ অনুৰোধ জনাইছে যে যদি কোনো সদাশয় লোকে প্ৰসনজিৎ দেৱনাথৰ অনুসন্ধান পায় তেন্তে ওচৰৰ আৰক্ষীক অবগত কৰিব  নাইবা ৭৮৯৬২-২২৪৯৩ নম্বৰত যেন যোগাযোগ কৰে যেন।
 

Your Comments